NORTHEAST NOW (Assamese)
দেশ

বৰ্ধিত ধৰ্ষ*ণৰ বাবে কেৱল আৰক্ষী নহয়, ইণ্টাৰনেট আৰু মদো দায়ী: মধ্য প্ৰদেশৰ ডিজিপি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2025 6:36 pm


দেশজুৰি ভয়ংকৰ ৰূপ লৈছে ধৰ্ষণৰ ঘটনা। এই সংকটজনক পৰিস্থিতিত মহিলাসকলক সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এতিয়া ধৰ্ষণৰ মূল কাৰণ হিচাপে ইণ্টাৰনেট, মোবাইল আৰু মদ্যপান দায়ী বুলি অভিহিত কৰিছে।

মধ্য প্ৰদেশৰ ডিজিপি কৈলাশ মাকৱানাই উজ্জয়িনত সংবাদমাধ্যমৰ সৈতে হোৱা কথাবাৰ্তাত “বৰ্ধিত ধৰ্ষণৰ ঘটনাৰ বাবে কেৱল আইনৰ ব্যৰ্থতা নহয়, এই ঘটনা সমাজৰ নৈতিক পতনৰ ফল। আজি পৰ্ণগ্ৰাফি, ছ’চিয়েল মিডিয়া আৰু মোবাইলৰ সহজলভ্যতাৰ ফলত মূল্যবোধৰ মৃত্যু ঘটিছে বুলি মত প্ৰকাশ কৰে। মদ্যপানো এক গুৰুত্বপূৰ্ণ কাৰক বুলি উলেখ কৰে।”

তেওঁ কয়, “যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে। পিতৃ-মাতৃ, শিক্ষক আৰু সমাজৰ প্ৰতি যি ভয় আৰু সন্মান আছিল, আজিকালি সেয়া একেবাৰে নাই। আচলতে, এই সমস্যা কেৱল আৰক্ষীয়ে সমাধান কৰিব পাৰে বুলি ধৰা ভুল।”

অভিভাৱকসকলক উদ্দেশ্য কৰি তেওঁ কয় যে “সন্তানৰ ওপৰত দৃষ্টি ৰাখক, নৈতিক শিক্ষাৰ পুনঃপ্ৰতিষ্ঠা কৰাটো সমাজৰ দায়িত্ব।”

এই বিস্ফোৰক মন্তব্যৰ পাছতেই ছ’চিয়েল মিডিয়াত মিশ্ৰিত প্রতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। একাংশ লোকে ডিজিপিৰ এই চিন্তাক সমৰ্থনৰ বিপৰিতে একাংশই চৰকাৰী ব্যৰ্থতা লুকুৱাবলৈ মাত্ৰ প্ৰযুক্তিক দোষাৰোপ কৰি দায় সামৰিছে।