NORTHEAST NOW (Assamese)
Popular Stories

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 2, 2025 8:10 pm

গৰুখুঁটি প্ৰকল্পত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ মাজত তালমিল নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰামপ্ৰসাদ শৰ্মাই আজি কয় যে গৰুখুঁটি প্ৰকল্পৰ সকলো অনিয়ম আৰু ভ্ৰষ্টাচাৰ চিবিআইৰ দ্বাৰা তদন্ত হ’ব লাগে। ৭৭ হাজাৰ বিঘাতকৈও অধিক কৃষিভূমিত থকা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰি প্ৰায় ২৫ কোটি টকা ব্যয়েৰে এই গৰুখুঁটি প্ৰকল্প স্থাপন কৰা হৈছিল। প্ৰকল্পৰ অধ্যক্ষ, কেবিনেট পদমৰ্যাদা দি চৰকাৰী ধন ব্যয় কৰাৰ পিছত ৰাইজে ভাবিছিল যে গৰুখুঁটি প্ৰকল্পৰ পৰা অসমৰ ৰাইজ লাভাৱান হ’ব আৰু বহু নিবনুৱাই সংস্থাপন লাভ কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই গৰুখুঁটিৰ গাখীৰে অসমৰ চাহিদা পূৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল। শাক-পাচলি, ফলমূল আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী উৎপাদনেৰে অসমক নদন-বদন কৰিব বুলি গৰুখুঁটি প্ৰকল্পই এক আশা দেখুৱাইছিল যদিও মূৰকত ৰাজহুৱা ধনৰ চূড়ান্ত অপচয় ঘটিল আৰু গৰুখুঁটি প্ৰকল্পক লৈ ৰাজনীতি কৰা হ’ল। এই প্ৰকল্পৰ নামত একাংশ মন্ত্ৰী-বিধায়ক ধনী হ’ল বুলি উল্লেখ কৰি কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মাই কয় যে ৰাজহুৱা ধনৰ অপচয় কৰাৰ বাবে এই চৰকাৰ চূড়ান্তভাৱে জগৰীয়া। সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে ৩০০ জনী গীৰ গাই গুজৰাটৰ পৰা অনাৰ ক্ষেত্ৰত ঠিকা লাভ কৰা এনডিডিবিৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে গণ্ডগোলীয়া আছিল। এনডিডিবিক কিয় গৰু ক্ৰয় কৰাৰ দায়িত্ব দিয়া হ’ল আৰু এই গীৰ গাইৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব আৰু ৰাজহ লোকচানৰ বাবে জগৰীয়া কোন সেই সকলো সামৰি এক ন্যায়িক তদন্তৰ প্ৰয়োজন আছে বুলি বৰাই উল্লেখ কৰে। বৰাই কয় যে গৰুখুঁটি প্ৰকল্পলৈ কোন চনৰ পৰা গীৰ গাই অনা হৈছিল আৰু ৩০০ গীৰ গাই নতুনকৈ অনাৰ পিছত ৯০ জনী গীৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা কিয় নমাই দিয়া হ’ল আৰু নমাই দিয়া গীৰ গাইসমূহ কোনো ৰাজহুৱা জাননী আৰু নিবিদা নোহোৱাকৈ মন্ত্ৰী-বিধায়ক আৰু বিজেপিৰ ৰাজনৈতিক নেতা-পালিনেতাক কিয় বিলাই দিয়া হ’ল সেই সন্দৰ্ভত সকলো তথ্য ৰাজহুৱা কৰাৰ প্ৰয়োজন আছে। বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ মাজত তথ্যৰ বিসংগতি আছে। ৩০০ গীৰ গাইৰ ভিতৰত ৯০ জনী গীৰ গাই মন্ত্ৰী-বিধায়কৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ পিছত যদি ১৫৪ জনী গীৰ গাই বেমাৰী বাবে ঘূৰাই দিয়া হ’ল তেন্তে ৫৬ জনী গীৰ গাই মৃত্যু হ’লে কিমানজনী গীৰ গাই থাকিব? কংগ্ৰেছৰ এটা প্ৰতিনিধি দল মঙলবাৰে গৰুখুঁটিলৈ যাবলৈ বিচাৰিছিল যদিও বিজেপি কৰ্মী আৰু আৰক্ষীয়ে ইয়াত বাধা প্ৰদান কৰিলে। গীৰ গাই ক্ৰয় কৰা এজন বিজেপি কৰ্মীয়ে এজনী গীৰ গায়ে ৫-৬ লিটাৰ গাখীৰ দিয়ে বুলি উল্লেখ কৰিছিল।

গুজৰাটৰ পৰা লাখ টকা দি কিনি অনা গীৰ গায়ে যদি ৫-৬ লিটাৰ গাখীৰ দিয়ে তেনেহ’লে গৰুখুঁটিয়ে ব্যৱসায় কৰিব কেনেকৈ? উন্নত প্ৰজাতিৰ বৰ্ণ সংকৰ স্থানীয় আৰু জাৰ্ছী গায়ে ১০-১২ লিটাৰকৈ গাখীৰ দিয়ে বুলি উল্লেখ কৰি বৰাই কয় যে গোটেই বিষয়টোত ৰাইজক বিভ্ৰান্ত কৰি গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষই প্ৰকৃত সত্য লুকুৱাবলৈ বিচাৰিছে। তেওঁ কয়, গৰুখুঁটি প্ৰকল্পৰ সমগ্ৰ আয়-ব্যয় শ্বেতপত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব লাগে। ইফালে, সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমণ ঝাই কয় যে অসমত থকা গো-শালাসমূহৰ অত্যন্ত বেয়া। গো-মাতাৰ পূজা কৰা বিজেপি দল আৰু চৰকাৰে দীৰ্ঘদিন ধৰি গো-শালাসমূহলৈ গো-মাতাৰ খাদ্যৰ বাবে ৰাজসাহায্য যোগান ধৰা নাই বুলি উল্লেখ কৰে। ঝাই কয়, মন্ত্ৰী-বিধায়কৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰে। কিন্তু গো-মাতাই পশু খাদ্যৰ বাবে ৰাজসাহায্য লাভ নকৰে এইখন অসমত। মুখ্যমন্ত্ৰীৰ উক্তিৰ প্ৰসংগ উত্থাপন কৰি ঝাই কয় যে মুখ্যমন্ত্ৰীয়ে বেমাৰী গৰু মন্ত্ৰী-বিধায়ক আৰু বিজেপিৰ নেতা-কৰ্মীৰ মাজত ভাগ-বাটোৱাৰা কৰাৰ যুক্তি দাঙি ধৰি গো-সুৰক্ষাৰ স্বাৰ্থত এই প্ৰসংগ উল্লেখ কৰিছিল যদিও অসুস্থ গৰুবোৰক গো-শালাসমূহলৈ কিয় প্ৰেৰণ কৰা নাছিল? ৬৫ টা গো-মাতাৰ মৃত্যুৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা জগৰীয়া বুলি উল্লেখ কৰি ঝাই কয় যে এইখন চৰকাৰে নামতহে গৰুক পূজা কৰাৰ কথা কয়। এওঁলোকে প্ৰকৃততে গৰুৰ ব্যৱসায় কৰি ছিণ্ডিকেট চলাই গো-মাতাক অপমানহে কৰিছে। গো-মাতাৰ প্ৰতি দেখুওৱা এই অনাদাৰে চৰকাৰখনৰ পতন ঘটাব বুলিও তেওঁ উল্লেখ কৰে।