NORTHEAST NOW (Assamese)
ক্ৰীড়া

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 5, 2025 9:07 pm

ইংলেণ্ডৰ ৱৰ্চেষ্টাৰত অনুষ্ঠিত হৈ থকা পুৰুষৰ ১৯ বছৰ অনুৰ্ধ যুৱ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ছিৰিজত ভাৰতৰ বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে নতুন অভিলেখ ।

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ১৯ বছৰ অনুৰ্ধ আৰু যুৱ এদিনীয়াত এতিয়ালৈকে সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰিছে। বৈভৱে মাত্ৰ ৫২টা বলত ১০০ ৰান সংগ্ৰহ কৰে।

এই পাঁচখন খেলৰ শৃংখলাৰ চতুৰ্থখন খেলত বৈভৱে ৭৮টা বলত ১৪৩ ৰান সংগ্ৰহ কৰে, য’ত ১৩টা চাৰি আৰু ১০টা ছয় অন্তৰ্ভুক্ত।ভাৰতীয় দলটোৱে এই খেলখনত ৯টা উইকেট হেৰুৱাই ৩৬৩ ৰান সংগ্ৰহ কৰিছে। এইদৰে ইংলেণ্ডৰ লক্ষ্য হৈছে ৩৬৪ ৰান। এই শৃংখলাত বৰ্তমান ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলটোৱে ২-১ ব্যৱধানত আগবাঢ়ি আছে।