NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 7, 2025 9:22 pm

আমেৰিকাৰ টেক্সাছ ৰাজ্যত সংঘটিত হোৱা ক্ষন্তেকীয়া বানত বৰ্তমানলৈকে ৮১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪১ জন নিৰুদ্দেশ হৈছে।

কেৰ কাউন্টিত ২৮টা শিশুকে ধৰি ৬৮ জন লোকে প্ৰাণ হেৰুৱাইছে। কেৰ কাউন্টিৰ নদীৰ পাৰত অৱস্থিত মহিলা  শিবিৰ এটা বানপানীত বুৰ গৈছে। এতিয়াও সন্ধানহীন হৈ আছে কেম্প মিষ্টিকৰ দহগৰাকী যুৱতী আৰু এগৰাকী পৰামৰ্শদাতা।

ট্ৰেভিছ কাউন্টিত ৫ জন, বাৰ্নেট কাউন্টিত তিনি জন, উইলিয়ামছন কাউন্টিত ২ জন, কেণ্ডেল কাউন্টিত ২ জন আৰু টম গ্ৰীণ কাউন্টিত এজনৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

বিষয়াসকলে জনোৱা মতে, নিৰুদ্দেশ লোকসকলৰ উদ্ধাৰ অভিযান চলোৱা হৈছে আৰু ইয়াৰ বাবেই মৃত্যুৰ সংখ্যাও অতি দ্ৰুতগতিত সলনি হৈছে।

এতিয়ালৈকে কেৰ কাউন্টিত ১০টা শিশুকে ধৰি ২৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও চিনাক্ত হোৱা নাই।বতৰ বিভাগে সকীয়াই দিছে যে অহা ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত অঞ্চলটোত ধুমুহা আহিব পাৰে, যাৰ ফলত সাহায্য আৰু উদ্ধাৰ অভিযানত প্ৰভাৱ পৰিব পাৰে।