NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 8, 2025 2:30 pm

সোমবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জি এম চি এইচ) ৰ অৰ্থ’পেডিক বিভাগত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পাছতে ৰোগী অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, এই জুইৰ উৎপত্তিস্থল অৰ্থʼপেডিক বিভাগ। ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হয়।

অৰ্থʼপেডিক (মাইন’ৰ অপাৰেচন থিয়েটাৰ) মহলাটোৰ গ্ৰাউণ্ড ফ্ল’ৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু পাছত অন্য মহলালৈও জুই প্ৰসাৰিত হয়। প্ৰথম অৱস্থাত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, চিকিৎসা মহাবিদ্যালয়খনত যথেষ্ঠ সংখ্যক ৰোগী ভৰ্তি হৈ আছিল। অগ্নিকাণ্ডৰ বিল্ডিংৰ দ্বিতীয় মহলাত আছিল ৬-৭ গৰাকী ৰোগী। অৱশ্যে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই অৱগত কৰে যে এই ঘটনাত কোনো ৰোগী আহত হোৱা নাই , আটাইকেইজন নিৰাপদে আছে।

ঘটনা সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়খনে আনুষ্ঠানিক তথ্য প্ৰকাশ কৰাৰ পাছতে সবিশেষ জানিব পৰা যাব। ইয়াৰে এটা মেচিনৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ সঠিক কাৰণ জানিবৰ বাবে তদন্ত চলি আছে।

উল্লেখ্য যে, কি কাৰণে, কেনেকৈ এই জুইৰ সূত্ৰপাত হ’ল এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ হোৱা নাই। তাৰোপৰি এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰো তথ্য প্ৰকাশ পোৱা নাই।