NORTHEAST NOW (Assamese)
Popular Stories

জেকলিন ফাৰ্ণাণ্ডেজে বলীউডৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নেকি ? আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত হৈছে অভিনেত্ৰীগৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 11, 2025 3:01 pm

অভিনয়ৰ স্থানত প্ৰায়ে কথিত প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্কৰ বাবে শিৰোনাম দখল কৰা শ্ৰীলংকাৰ এই অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ বলিউড জগতত নিজৰ স্থান গঢ়ি তুলিবলৈ চেষ্টা চলাইছে, যদিও তেওঁৰ ওপৰত হোৱা বিতৰ্কই তেওঁৰ ক্ৰিয়াশীলতা কিছু পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে। এনেবোৰ বিতৰ্কৰ মাজতেই তেওঁ নিজৰ কাম কৰি গৈছে।

শেহতীয়াকৈ তেওঁ অভিনয় কৰা ছবি ‘হাউছফুল-৫ য়ে মুক্তি লাভ কৰিছে। ছবিগৃহত চলি থকা এই ছবিখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে।

উল্লেখ্য যে জেকলিন চৰ্চালৈ অহা মূল কাৰণ হৈছে মুম্বাই এৰি জেকলিন গৈছে বেংগালুৰু। বেংগালুৰুত তেওঁ আধ্যাত্মিক গুৰু ৰবি শংকৰৰ আশ্ৰমলৈ গৈ গুৰুগৰাকীক সাক্ষাত কৰিছে। আশ্ৰমৰ সেই ছবিসমূহ তেওঁ সামাজিক মাধ্যমতো প্ৰচাৰ কৰিছে।

জেকলিনে সেই ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে- ” গুৰুদেৱ, মোক পোহৰৰ পথ দেখুওৱাৰ বাবে ধন্যবাদ। মই আপোনাৰ ওচৰত ঋণী।”

তাৰোপৰি, অসাধাৰণ সাজসজ্জাৰ পৰিবৰ্তে সাধাৰণ এগৰাকী আধ্যাত্মিকতাত বিলীন নাৰীৰ দৰেই গৈছিল গুৰুৰ আশ্ৰমলৈ। আশ্ৰমত থকা শিশুৰ উপৰিও হাতী, ঘোঁৰা, মহৰ সৈতেও বহু সময় কটায় জেকলিনে।