NORTHEAST NOW (Assamese)
অসম

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 12, 2025 10:32 am

ইয়াৰ পূৰ্বে দেশৰ তিনিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশে সংসদীয় সমিতিত ‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱক সমৰ্থন জনাইছে। কিন্তু এইবাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ খেহেৰ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে বিধেয়কখনক লৈ প্ৰশ্ন উত্থাপন কৰিলে।

তেওঁলোকে দাবী কৰে যে বিধেয়কখনত কেইবাটাও ত্ৰুটি আছে। একে সময়তে তেওঁলোকৰ প্ৰস্তাৱ যে নিৰ্বাচন আয়োগক সীমাহীন ক্ষমতা দিব নোৱাৰি।

প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ মতে, যদিও ই সংবিধানৰ মৌলিক গাঁথনিত আঘাত হানিব নোৱাৰে, তথাপিও এই বিধেয়কখনত কেইবাটাও ত্ৰুটি আছে। অধিক সংশোধনীৰ প্ৰয়োজন আছে। অন্যথা ভৱিষ্যতে আইনী জটিলতাৰ সন্মুখীন হ’ব পাৰে। সংবিধানত আয়োগক অত্যধিক ক্ষমতা দিয়া হৈ গৈছে। পাঁচ বছৰ চৰকাৰ নাথাকিলে সুশাসনৰ ব্যৱস্থা কৰা সম্ভৱ নহয়।

ইপিনে ব্যয় হ্ৰাসৰ কথাও নুই কৰিব নোৱাৰি। অৱশ্যে কোনটো বেছি প্ৰয়োজনীয়, সুশাসন নে ব্যয় হ্ৰাস কৰাটো আমি বাছনি কৰিব লাগিব। প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ খেহেৰে লগতে কয় যে আয়োগৰ ভূমিকাক লৈ মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কৰ খচৰা অনুযায়ী যদি সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিধানসভা বা লোকসভা ভংগ হয়, তেনেহ’লে কাৰ্যকালৰ বাকী থকা সময়ছোৱাৰ বাবেহে লোকসভা বা বিধানসভাৰ উপ-নিৰ্বাচন হ’ব। ইয়াৰ পিছত সকলো স্তৰৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব।

চৰকাৰে যুক্তি দিছে যে ইয়াৰ বাবে বৃহৎ খৰচ হ্ৰাস হ’ব। আনহাতে, বিৰোধীৰ অভিযোগ যে বিধানসভা-লোকসভা-পৌৰসভা-পঞ্চায়ত নিৰ্বাচন একেলগে অনুষ্ঠিত হ’লে গণতন্ত্ৰৰ বৈচিত্ৰ্য ধ্বংস হ’ব। প্ৰতিটো নিৰ্বাচন বেলেগ বেলেগ বিষয়ৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হয়। সেই সুযোগ ৰাইজে হেৰুৱাব।