NORTHEAST NOW (Assamese)
অসম

লাহৰীজানত দুবছৰীয়া হাতীৰ পোৱালি উদ্ধাৰ

Posted by: এন ই নাও নিউজ December 14, 2017 8:55 am

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰীজানৰ সংৰক্ষিত বনাঞ্চলত পূব বন সংমণ্ডলৰ মাঞ্জা কেন্দ্ৰীয় সংমণ্ডলৰ বনকৰ্মীয়ে উদ্ধাৰ কৰিছে এটি দুবছৰীয়া হাতীৰ পেৱালি। ৰাজ্যত প্রতিদিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি হৈ অহাৰ সময়তে খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ  অহা হাতীৰ এটা জাকৰ  পৰা বিছিন্ন হৈ যোৱা হাতীৰ পোৱালিটো কেইবাদিন ধৰি  দিক বিদিক হেৰুৱাই অনাই-বনাই ঘুৰি ফুৰিছিল।  আজি লাহৰিজান সংৰক্ষিত বনাঞ্চলৰ  বন বিভাগৰ কৰ্মীয়ে দুবছৰীয়া হাতী পোৱালীটোক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে কেইবাদিনো অনাহাৰে থকা হাতীৰ পোৱালিটোক খাদ্যৰ যোগান ধৰে ৷পোৱালিটোক সুস্থ কৰি তোলাৰ পাছত বনবিভাগৰ কৰ্মীয়ে পুনৰ বনাঞ্চলখনত হাতীৰ জাকটোৰ সৈতে হাতীৰ পোৱালীটোক এৰি দিব বুলি উল্লেখ কৰাৰ উপৰিও হাতীৰ পোৱালিটোয়ে জাকটোৰ সৈতে যদি নাযায় তেন্তে বনবিভাগৰ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ পোৱালিটোক চমজাই দিব বুলিও বনবিভাগৰ লোকে জানিবলৈ দিয়ে।পাহাৰীয়া জিলা কাৰ্বি আংলঙৰো বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ ফলত বিভিন্ন সময়ত বন্যহস্তীৰ দলে জনাঞ্চললৈ প্ৰবেশ কৰি ধ্বংসলীলাৰ লগতে ত্ৰাসৰ সৃষ্টি কৰা দৃশ্য এতিয়া সহজলভ্য।