দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

ভাৰতৰ সীমা অতিক্ৰম কৰি পাকিস্তানৰ কৰাচীত এটা নাট্যদলে হিন্দু মহাকাব্য ৰামায়ণ মঞ্চস্থ কৰি ব্যাপক চৰ্চা আৰু প্ৰশংসা লাভ কৰিছে।
কৰাচী আৰ্টছ কাউন্সিলত নাট্যগোষ্ঠী ‘মৌজ’-এ মঞ্চস্থ কৰা এই প্ৰযোজনাত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ৰামায়ণৰ বৰ্ণনা আৰু মহাকাব্যখনৰ কাহিনীক অধিক জীৱন্ত কৰি তোলা হৈছে। এআই প্রযুক্তিৰ সহায়ত মহাকাব্যখনক জীৱন্ত ৰূপত উপস্থাপন কৰাৰ বাবে নাট্যগোষ্ঠীটোৰ মাজত যথেষ্ট প্ৰশংসা বুটলিছে।
পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কৰাচী চহৰত ৰামায়ণ প্ৰদৰ্শনে ব্যাপক চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে, স্কুল অৱ ভিজুৱেল এণ্ড পাৰফৰ্মিং আৰ্টছৰ ইনষ্টাগ্ৰাম পেজত নাটকখনৰ ফটোসমূহ শ্বেয়াৰ কৰা হৈছে।
পৰিচালক যোগেশ্বৰ কাৰেৰাই নাটকখন উপস্থাপনত সন্তুষ্টি প্ৰকাশ কৰিছে।কাৰেৰাই কয় যে নাটক খনে ভাল সমাদৰ লাভ কৰিছে, বহু সমালোচকে প্ৰযোজনাৰ প্ৰচেষ্টা আৰু অভিনেতাসকলৰ অভিনয়ৰ শলাগ লৈছে।
শিল্প আৰু চলচ্চিত্ৰ সমালোচক ওমাই আলাভিয়ে কয় যে, পোহৰ, লাইভ সংগীত, ৰঙীন সাজ-পোছাক, আৰু সুন্দৰ উপস্থাপনে এই নাটখনৰ আৰ্কষণ বৃদ্ধি কৰিছে।