NORTHEAST NOW (Assamese)
জীৱনশৈলী

আপুনিও কফি সেৱন কৰে নেকি? যদি কৰে তেন্তে পঢ়ক এইটো লেখা

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 16, 2025 7:45 am

আপুনি যদি দিনটো একাপ গৰম কফিৰে আৰম্ভ কৰাৰ অভ্যাস ৰাখে, তেন্তে আপোনাৰ বাবে এটা সুখবৰ আছে। গৱেষণাৰ মতে, প্ৰতি দিনে কফি খোৱাটোৱে আপোনাক দিনটো সতেজ ভাবে আৰম্ভ কৰাত সহায় কৰাই নহয়, লগতে ই আপোনাৰ আয়ুস কালো বৃদ্ধি কৰিব পাৰে। আহক, আজি এই তথ্যসমূহৰ বিষয়ে জানো।

কফিৰ ওপৰত হোৱা এটা গৱেষণাৰ মতে , কফি খোৱা লোকসকল সাধাৰণ লোকতকৈ ২ বছৰ বেছিকৈ জীয়াই থাকিব পাৰে। এজিং ৰিচাৰ্চ ৰিভিউজ নামৰ আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি কফিত পোৱা ২০০০তকৈও অধিক জৈৱ সক্ৰিয় যৌগ স্বাস্থ্যৰ বাবে অতি উপকাৰী।


কফিত থকা ‘এণ্টি-এজিং’ গুণাগুণে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া হ্ৰাস কৰিব পাৰে। ই ইনচুলিন সংবেদনশীলতা নিয়ন্ত্ৰণ কৰি শৰীৰক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে।


গৱেষণা অনুসৰি, কফিত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণে হৃদৰোগ আৰু আন বহুতো দীৰ্ঘম্যাদী ৰোগৰ আশংকা হ্ৰাস কৰে।


তদুপৰি, ই চিন্তা আৰু বুজি পোৱাৰ সামৰ্থ্য উন্নত কৰাৰ লগতে স্নায়ুতন্ত্ৰৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।


অৱশ্যে, অত্যাধিক কফি সেৱন কৰাটো ক্ষতিকাৰক হ’ব পাৰে। ই শৰীৰত কেফেইনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত টোপনিৰ লগতে অন্যান্য স্বাস্থ্য সমস্যা হ’ব পাৰে। সীমিত পৰিমাণত কফি খোৱাটো গুৰুত্বপূৰ্ণ।