NORTHEAST NOW (Assamese)
Popular Stories

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2025 1:07 pm

শেহতীয়াকৈ, য়েমেনৰ এগৰাকী নাগৰিক তালাল আব্দো মাহদীক হত্যা কৰাৰ অভিযোগত কেৰালাৰ নাৰ্ছ নিমিষা প্ৰিয়া মৃত্যুদণ্ডৰ শাৰীত আছে ।

মৃত য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীৰ পৰিয়াল প্ৰতিশোধৰ দাবীত আছে যদিও শেষ মুহূৰ্তত কেৰেলাৰ নাৰ্ছ নিমিষা প্ৰিয়াক ক্ষমা কৰিবলৈ তেওঁৰ ইছলামিক সমৰ্থকসকলে সম্পূৰ্ণ চেষ্টা চলাই আছে।

উল্লেখ্য যে, ১৬ জুলাইত তেওঁক ফাঁচী দিয়াৰ তাৰিখ আছিল যদিও ফাঁচিৰ সময় পিছুৱাই দিছে য়েমেন কৰ্তৃপক্ষই।

তালালৰ ভাতৃ আব্দুল ফাতাহ মাহদীয়ে কথিতভাৱে ছচিয়েল মিডিয়াত দিয়া পোষ্টত বিতংকৈ বুজাইছে যে নিমিশা প্ৰিয়াক কোনো কাৰণতেই ক্ষমা কৰা নহব।

ফটাহ মাহদীয়ে কয় যে “ন্যায়ৰ প্ৰাধান্য থাকিব আৰু দৃঢ়তাৰে কয় যে “ফাঁচীৰ কোনো পলম নহলেও প্ৰতিশোধ আহিব।

মুছলিমাই কয় যে, প্ৰতিশোধৰ ইচ্ছা থকাৰ পাছতো, তালালৰ পৰিয়ালৰ ওচৰত নিমিষা প্ৰিয়াক ক্ষমা কৰি দিয়াৰ সুযোগ বিচাৰি আছে তেওঁৰ ইছলামিক সমৰ্থকসকলে।

ইয়াৰোপৰি, কিছুমান বিশেষ লোকে কয় যে , সাংগঠনিক আৰু ৰাজনৈতিক ভিত্তিত মুছলিয়া ডাঙৰীয়াৰ বিৰোধিতা কৰাটোৱে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব।