NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত বনাম নিউজিলেণ্ড : লৰ্ডছত নহয়, চাউদাম্পটনত অনুষ্ঠিত হ’ব ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2021 6:45 pm
ভাৰত বনাম নিউজিলেণ্ড : লৰ্ডছত নহয়, চাউদাম্পটনত অনুষ্ঠিত হ’ব ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল

জুন মাহত অনুষ্ঠিত হ’ব লগা ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলখনৰ স্থান সলনি কৰা হৈছে।

লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হ’ব লগা আছিল যদিও এতিয়া চাউদাম্পটনৰ দ্যা ৰ’জ বল ষ্টেডিয়ামতহে ফাইনেল খেলোৱা হ’ব।

আইচিচিয়ে বুধবাৰে এই কথা সদৰী কিৰছে।

লণ্ডনত কৰোণাভাইৰাচৰ পুনৰ প্ৰাদূৰ্ভাৱৰ আশংকা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলগা ফাইনেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।

ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ মুখ্য কাৰ্যবাহী টম হেৰিছনে চাউদাম্পটনৰ ষ্টেডিয়ামত ফাইনেলখন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছে।

আনহাতে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে জনাইছে যে উক্ত ফাইনেলখনত তেওঁ উপস্থিত থাকিবলৈ চেষ্টা কৰিব।