NORTHEAST NOW (Assamese)
অসম

গৰু চুৰি চক্ৰই সলাইছে কৌশল: এইবাৰ বিলাসী বাহন ব্যৱহাৰ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা July 15, 2021 7:03 am
bonn

যিটো সময়ত ৰাজ্যত কৰোনা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসন কঠোৰ হৈছে তাৰ সমান্তৰালকৈ অনৈতিক কাৰ্যৰ লগতে গৰু চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন সষ্টম হৈ পৰিছে।

ঠিক সেই সময়তে গৰু চোৰ চক্ৰয়ো নতুন নতুন কৌশল ব্যৱহাৰ কৰি গৰু চুৰি কৰি আহিছে। তেনে এক ঘটনাই সংঘটিত হৈছে কলিয়াবৰত।

গৰু চুৰি কৰিবলৈ এইবাৰ বিলাসী বাহন ব্যৱহাৰ কৰিছে দুষ্ট চক্ৰই। কলিয়াবৰৰ চুলুং তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীত এইবাৰ গৰু চোৰ চক্ৰই ব্যৱহাৰ কৰিলে এ এছ ০২ এম ৯২০১ নম্বৰৰ এখন আই টুৱেন্টি বিলাসী বাহন।

গৰৈমাৰীৰ চফিকুল ইছলাম নামৰ ব্যক্তিজনৰ গৰু বাহনখনত উঠাই অনাত প্ৰত্যক্ষ কৰে স্থানীয় যুৱকে। লগে লগে যুৱককেইজনে স্থানীয় চুলুং আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে চুলুং আৰক্ষী চকীৰ আৰক্ষী বিষয়া মৃদুল নাথে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু বিলাসী বাহনখন কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শ’লমাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উদ্ধাৰ হোৱা বাহনখন ছফিকুল ইছলামৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ লগতে গৰু চোৰ চক্ৰটো উৎখাতৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।