NORTHEAST NOW (Assamese)
অসম

বৰভাগৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত পালন বিশ্ব পৰিৱেশ দিৱস

Posted by: এন ই নাও নিউজ June 5, 2018 2:00 pm
824b3df9-83e0-4699-b6f0-54dacb19deac

আজি ৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসমৰ বিভিন্ন অঞ্চলৰ লগতে নলবাৰী জিলাৰ বৰভাগ অঞ্চলতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস।

বৰভাগৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা জনকল্যাণ মঞ্চই বৰভাগৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদত বৃক্ষৰোপন কৰাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হয়।

সংস্থাটোৰ সদস্যসকলে ৰাতিপুৱাতে বৰভাগ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত গৈ বিদ্যালয় সমূহৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পৰিৱেশ সজাগতা সম্পৰ্কে সভা আয়োজন কৰাৰ লগতে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে।

তাৰোপৰি সংগঠনটোৰ তৰফৰ পৰা অঞ্চলটোৰ স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয়তো গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। লগতে চিকিৎসালয় চৌহদত সংস্থাটোৰ সদস্যসকলৰ দ্বাৰা চাফাই কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানৰ আঁত ধৰে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী ফনিধৰ ডেকাই।

 

এই অনুষ্ঠানতে সংস্থাটোয়ে চহিদ মুকুন্দ কাকতি বিদ্যালয়ৰ অধ্যক্ষ অৰবিন্দ ডেকাৰ লগতে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ বাবুল ডেকাক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গছপুলি বিতৰণ কৰে।