লখিমপুৰৰ উচ্ছেদিত ১১টা খিলঞ্জীয়া পৰিয়ালক ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমিঃ কেবিনেটত সিদ্ধান্ত অসম চৰকাৰৰ

আজি অসম কেবিনেট অনুষ্ঠিত হয়। কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমি পট্টা। লখিমপুৰৰ খিলঞ্জীয়া উচ্ছেদিতক চৰকাৰে প্ৰদান কৰিব ভূমি। ১১টা পৰিয়ালক ভূমি প্ৰদান কৰাৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। ১১টা পৰিয়ালে ১ কঠা ৫ লেচাকৈ লাভ কৰিব ভূমি।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে ৪ হাজাৰৰো অধিক লোকক পট্টা দিয়া হ’ব। ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমি পট্টা।