NORTHEAST NOW (Assamese)
অসম

দুলীয়াজানত পিষ্টলসহ এন এছ চি এন (কে) কেডাৰ আটক

Posted by: অভিক চক্ৰবৰ্তী June 5, 2018 6:34 pm
NSCN cadre arrested

সেনা বাহিনী আৰু আৰক্ষীয়ে আজি এক যুটীয়া অভিযান চলাই দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰীত এন এছ চি এন (কে)ৰ এজন দুৰ্ধৰ্ষ কেডাৰক আটক কৰে।

আটকাধীন কেডাৰজনক গোলাঘাট জিলাৰ সৰু চেৱাগুৰি গাঁৱৰ হিমন্ত বৰা (৩১) বুলি চিনাক্ত কৰা হৈছে।

সেনাৰ এক সূত্ৰই জনোৱা মতে ধৃত হিমন্ত বৰাৰ পৰা এটা .২২ পিষ্টল, এটা মেগাজিন আৰু দুই জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।

ঘটনাৰ বিৱৰণী অনুসৰি কেডাৰজনে নাহৰকটীয়াৰ পৰা ডিগবৈ অভিমুখে গৈ থকা বুলি এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ডিব্ৰুগড়স্থিত সেনা শিবিৰে স্থানীয় আৰক্ষীৰ সৈতে মিলি এক যুটীয়া অভিযান চলাই কালি মাজনিশা তেওঁক আটক কৰে।

পিছত এই সংক্ৰান্তত দুলীয়াজান আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি ধৃত এন এছ চি এন কেডাৰজনক পৰৱৰ্তী তদন্তৰ বাবে দুলীয়াজান আৰক্ষীক গটাই দিয়া হয়।