NORTHEAST NOW (Assamese)
Popular Stories

আৰএছএছ আৰু চিপিএমৰ মাজত কোনো পাৰ্থক্য নাই! ৰাহুল গান্ধীৰ মন্তব্যক লৈ বাওঁপন্থীসকলৰ মাজত অসন্তুষ্টি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2025 10:45 am

সংসদীয় অধিৱেশনৰ সময়ত নিজৰ মাজত সমন্বয় বজাই ৰাখি চৰকাৰক কোণত ৰখাৰ ষড়যন্ত্ৰ কৰিছে ভাৰতীয় মিত্ৰজোঁটে। তথাপিও লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ মিত্ৰশক্তি চিপিএমৰ বিৰুদ্ধেই আক্ৰমণাত্মক হৈছে। যিসকল মতাদৰ্শগতভাৱে সম্পূৰ্ণ বিজেপি বিৰোধী। ৰাহুল গান্ধীয়ে কয় যে চিপিএম আৰু সংঘৰ মাজত বিশেষ পাৰ্থক্য নাই। তেওঁলোকৰ কোনো এজনৰ মানুহৰ প্ৰতি কোনো সহানুভূতি নাই।

শনিবাৰে বিৰোধী ‘ইণ্ডিয়া মিত্ৰজোঁটৰ ভাৰ্চুৱেল বৈঠকৰ পূৰ্বে ৰাহুল গান্ধীৰ মন্তব্যক লৈ পোহৰলৈ আহে কংগ্ৰেছ আৰু চি পি আই (এম)ৰ মাজত সংঘাত। কেৰালাৰ কোট্টায়মত এখন ৰাজহুৱা সভাত ভাষণ দি ৰাহুলে কয়, “মই আৰ এছ এছ আৰু চি পি আই (এম)ৰ বিৰুদ্ধে মতাদৰ্শগত যুদ্ধ চলাই আছো। মই মতাদৰ্শৰ ফ্ৰণ্টত তেওঁলোকৰ বিৰোধিতা কৰিছো। মোৰ আটাইতকৈ ডাঙৰ অভিযোগ যে তেওঁলোকৰ জনসাধাৰণৰ প্ৰতি কোনো সহানুভূতি নাই। আপুনি যিমানেই ভাষণ নকৰক কিয়, যদি আপোনাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি নাথাকে, যদি আপোনাৰ জনসাধাৰণক আঁকোৱালি লোৱাৰ হৃদয় নাই, তেন্তে আপুনি এজন প্ৰকৃত নেতা হ’ব নোৱাৰে।”

ৰাহুলৰ এই মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিএমে। এক বিবৃতিত দলটোৱে কয়, “ৰাহুল গান্ধীয়ে আৰ এছ এছ আৰু চি পি আই (এম)ৰ মাজত তুলনা কৰি এক হাস্যকৰ আৰু নিন্দনীয় মন্তব্য কৰিছে। কেৰেলাত আৰএছএছৰ বিৰুদ্ধে প্ৰকৃত যুঁজখন কোনে যুঁজি আছে সেই কথা তেওঁ পাহৰি গৈছে। গেৰুৱা সন্ত্ৰাস বন্ধ কৰিবলৈ চেষ্টা কৰি চিপিআইএমৰ বহু শ্ৰমিক হেৰুৱাইছে। তথাপিও কেৰেলাত কংগ্ৰেছ আৰু আৰএছএছে প্ৰায়ে একে ভাষাত কথা কয়, কমিউনিজিমৰ বিৰোধিতা কৰি এক বাহিনীত মিলিত ৰাহুল গান্ধীয়েও কেৰেলাত ভৰি দিয়াৰ লগে লগে সেই সুৰত কথা ক’বলৈ আৰম্ভ কৰিলে।”

অৱশ্যে ৰাহুলৰ মন্তব্যৰ পিছতো ইণ্ডিয়া মিত্ৰজোঁটৰ মঞ্চত দেখা গল চিপিএমক। শনিবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ ভাৰ্চুৱেল বৈঠকত উপস্থিত থাকে চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবী। অৱশ্যে চিপিআই নেতা ডি ৰাজাই ৰাহুলক নাম প্ৰকাশ নকৰাকৈ সকীয়াই দি কয় যে, “সমালোচনাৰ সীমা থাকিব লাগে। এনে মন্তব্যই ভুল বাৰ্তা প্ৰেৰণ কৰে।”