NORTHEAST NOW (Assamese)
অসম

Sex Party Planned পুটিনৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকিঃ ইউক্ৰেইনৰ একাংশ লোকে আয়োজন কৰিছে এক অদ্ভুত অনুষ্ঠানৰ , কি অনুষ্ঠান?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 14, 2022 7:59 pm

জীৱনক ভালপায় ইউক্ৰেইনৰ জনতাই। মৰিবলৈ যেন তেওঁলোকৰ ভয় নাই। সেয়ে সদলবলে অহাই আহি বহুতে যোগদান কৰিছে সেনাত। বহুতৰে ইতিমধ্যে যুদ্ধত মৃত্যুও হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়াৰ পিছতে ইউক্ৰেইনৰ একাংশ লোকে এক অদ্ভুত অনুষ্ঠান উদযাপন কৰি জীৱন উপভোগ কৰাৰ পৰিকল্পনা কৰিছে।

সেই অনুষ্ঠান হ’ব এক যৌন সন্মিলন। ১৫,০০০ তকৈও অধিক লোকে এই ’ছেক্স পাৰ্টি’ত ভাগ ল’ব বুলি নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে ১৫,০০০ ব্যক্তিয়ে এই অনুষ্ঠানটোৰ বাবে নাম পঞ্জীয়ন কৰিছে। ইউক্ৰেইনৰ শ্চেকাভিষ্টছাৰ এখন পাহাৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ৰে’লৰে সৰবৰাহ কৰাৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিছতে ইউক্ৰেইনত এনে অনুষ্ঠানৰ আয়োজন কৰি জীৱনক শেষবাৰৰ বাবে উপভোগ কৰাৰ কথা ভাবিছে ইউক্ৰেইনৰ বহু লোকে।