NORTHEAST NOW (Assamese)
ক্ৰীড়া

ইতিহাস ৰচিলে মহিলা ফুটবলাৰ অলিভিয়া স্মিথে : বিশ্বৰ আটাইতকৈ দামী মহিলা ফুটবলাৰ হিচাপে পৰিগণিত

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 20, 2025 5:14 pm

কানাডাৰ অলিভিয়া স্মিথে মহিলা ফুটবলত নতুন ইতিহাসৰ সৃষ্টি কৰিছে। মাত্ৰ ২০ বছৰ বয়সতে লিভাৰপুলৰ পৰা আৰ্চেনালত যোগদান কৰি বিশ্বৰ আটাইতকৈ দামী মহিলা ফুটবলাৰ হিচাপে পৰিগণিত হৈছে। ১০ লাখ পাউণ্ডেৰে অভিলেখ ৰচনা কৰিছে অলিভিয়াই।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ জানুৱাৰী মাহত আমেৰিকান নাওমি গিৰমাই ছান ডিয়েগো ৱেভৰ পৰা ৯ লাখ পাউণ্ডত চেলছীত যোগদান কৰিছিল, যিটো মহিলা ফুটবলৰ সৰ্বোচ্চ ট্ৰেন্সফাৰ মাচুল আছিল। সেই অভিলেখ ভংগ কৰিলে অলিভিয়াই।

আৰ্চেনালৰ মহিলা ফুটবল পৰিচালক ক্লেয়াৰ হুইটলীয়ে কয় যে স্মিথ ফুটবলৰ অন্যতম প্ৰতিভাৱান যুৱ খেলুৱৈ আৰু ক্লাবত অধিক বিকাশৰ বাবে তেওঁৰ বিপুল সম্ভাৱনা আছে।

খবৰ অনুসৰি স্মিথে আৰ্চেনালৰ সৈতে চাৰি বছৰৰ বাবে দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰিছে।