NORTHEAST NOW (Assamese)
অসম

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 21, 2025 11:41 am

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰৰ ১২জন অভিযুক্তক দোষমুক্ত কৰিলে বম্বে উচ্চ ন্যায়ালয়ে। সোমবাৰে আদালতে দিয়া ৰায়দানত কয় যে চৰকাৰে অভিযুক্তৰ বিৰুদ্ধে প্ৰমাণ দাখিল কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ইয়াৰ বাবে তদন্তকাৰীয়ে ১২জনৰ বিৰুদ্ধে কোনো অপৰাধেই প্ৰমাণ কৰিব নোৱাৰিলে।

উল্লেখ্য যে ২০০৬ চনৰ ১১ জুলাইৰ মুম্বাই কূটাঘাত গোচৰৰ প্ৰায় ১৯ বছৰৰ পিছত ৰায়দান দিয়া হৈছে। ২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ উপনগৰীয়া ৰে’ল লাইনৰ সাতটা শাখাত একেৰাহে বিস্ফোৰণ সংঘটিত হৈছিল। প্ৰায় ১১ মিনিটত একেৰাহে ঘটা বিস্ফোৰণত ১৮৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮২৭ জন যাত্ৰী আহত হয়।

এই ঘটনাত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। ১৫ জন নিৰুদ্দেশ আছিল। ইয়াৰে কিছুমান পাকিস্তানী বুলি তদন্তকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল। মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ শাখা (এমচিঅ’চিএ) আৰু সন্ত্ৰাসবাদ বিৰোধী দলে ২০০৬ চনৰ নৱেম্বৰ মাহত ইউএপিএৰ বিভিন্ন ধাৰাত অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

২০১৫ চনত বিচাৰাধীন আদালতত ১২জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰে পাঁচজনক মৃত্যুদণ্ড প্ৰদান কৰা হয়। আদালতে ৭ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আইন অনুসৰি ৰাজ্য চৰকাৰে মৃত্যুদণ্ডৰ কার্যকৰী কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ সন্মুখত আবেদন কৰিছিল। আনহাতে, অভিযুক্তইও উচ্চ ন্যায়ালয়তো এই শাস্তিৰ বিৰোধিতা কৰি আৰ্জি জনায়।