NORTHEAST NOW (Assamese)
দেশ

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ গোচৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2022 7:26 am
Sundar Pichai

কপিৰাইট উলংঘনৰ অভিযোগৰ সন্মুখীন হৈছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই। পিচাইৰ লগতে আন পাঁচজনৰ বিৰুদ্ধে এমআইডিচি আৰক্ষী চকীত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

চলচ্চিত্ৰ পৰিচালক-প্ৰযোজক সুনিল দৰ্শনৰ অভিযোগৰ ভিত্তিত এজাহাৰখন পঞ্জীয়ন কৰা হৈছে।

দৰ্শনে দাবী কৰিছে যে তেওঁ ২০১৭ চনত নিৰ্মাণ কৰা এক হাছিনা থি এক দিৱানা থাৰ চলচ্চিত্ৰখনৰ অধিকাৰ কাকো দিয়া নাছিল। কিন্তু চলচ্চিত্ৰ খন গুগলৰ মালিকানাধীন ইউটিউবত আপলোড কৰা হৈছে।

তেওঁ লগতে কয় যে ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত ছবিখন আপলোড কৰি কেইবাজনো লোকে ধন উপাৰ্জন কৰিছে।

বহু বছৰ ধৰি ইউটিউবৰ ওচৰত বিষয়টো উত্থাপন কৰিছিল যদিও ইয়াৰ পৰা কোনো সঁহাৰি পোৱা নাছিল আৰু সেয়েহে তেওঁ আদালতৰ কাষ চাপিব লগা হয় বুলি তেওঁ মন্তব্য কৰে।

কপিৰাইট উলংঘন আইন, 1957-ৰ ধাৰা 51, 63 আৰু 69 ৰ অধীনত এজাহাৰখন পঞ্জীয়ন কৰা হৈছে।