NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীৰ বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য: অসমত ১৫ জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2025 11:46 am
দিল্লীৰ বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য: অসমত ১৫ জনক গ্ৰেপ্তাৰ

দিল্লীৰ লালকিল্লা (Red Fort)ৰ সমীপত যোৱা সোমবাৰ সন্ধিয়া সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ সন্দৰ্ভত অসমত সামাজিক মাধ্যমত বিতৰ্কিত আৰু উত্তেজনামূলক পোষ্ট দিয়াৰ বাবে ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰ, ১৩ নৱেম্বৰ ২০২৫ৰ পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিস্ফোৰণক সমৰ্থন কৰা বা উত্তেজনামূলক মন্তব্য কৰা সকলো লোকৰ বিৰুদ্ধে অসম আৰক্ষী দৃঢ় পদক্ষেপ লৈছে। তেওঁ স্পষ্টকৈ কয়, এনে কাৰ্যক কোনো পৰিস্থিতিত ক্ষমা কৰা নহ’ব।

উল্লেখ্য যে, যোৱা ১০ নৱেম্বৰ (সোমবাৰ) সন্ধিয়া দিল্লীৰ লালকিল্লাৰ ওচৰত এখন Hyundai i-20 বাহনত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল।

এই ঘটনাত এতিয়ালৈকে প্ৰায় ১২ জন লোকৰ মৃত্যু আৰু ২০ৰো অধিক লোক আহত হোৱা সন্দেহ কৰা হৈছে। দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে ইতিমধ্যে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰক্ষীক সামাজিক মাধ্যমত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে। তেওঁ কৈছে যে, এনে পোষ্টত ‘Happy Emoji’ ব্যৱহাৰ কৰা কাৰ্যকো কঠোৰ শাস্তিৰ যোগ্য গণ্য কৰা হ’ব।

এই ঘটনাই সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।