NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপসভাপতিৰ দায়িত্ব ড০ দিব্যজ্যোতি শইকীয়াক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2025 2:24 pm

১৯৯৩ চনত বিশাখাপট্টনম আৰু মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদে দেশৰ বিভিন্ন ৰাজ্যত সাধাৰণ জনতাৰ হকে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে।

ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক বি জি এম শ্ৰীনিৱাস ৰেড্ডীয়ে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ লগত দীৰ্ঘদিন জড়িত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱাধিকাৰ কৰ্মী হিচাপে অসমলৈ সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰাষ্ট্ৰীয় মানৱাধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক উক্ত মানৱাধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ উপ সভাপতি পদত অধিষ্ঠিত কৰা হৈছে।

উক্ত দায়িত্ব গ্ৰহণ কৰি ড০ শইকীয়াই কয় যে বৰ্ত্তমান সময়ত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্ত্বাধীন বিজেপি চৰকাৰে উচ্ছেদৰ নামত একাংশ লোকক নিৰ্যাতন চলাই মানৱ অধিকাৰ উলঙ্ঘন কৰিছে। সেয়ে তেওঁ মানবীয় দৃষ্টিকোণ ৰাখি কেৱল চৰকাৰী ভূমিতহে উচ্ছেদ চলোৱা উচিত বুলি উল্লেখ কৰাৰ লগতে উচ্ছেদৰ পূর্বে শিশু আৰু মহিলাৰ বাবে খাদ্য আৰু অস্থায়ী কেম্পৰ ব্যবস্থাৰ লগতে পুনৰ সংস্থাপনৰ ব্যবস্থা কৰিবলৈ চৰকাৰক আহববান জনায়।

উল্লেখযোগ্য যে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে দীৰ্ঘদিন ধৰি অন্ধবিশ্বাস তথা ডাইনীৰ নামত নিৰ্যাতিত লোকৰ হকে সংগ্ৰাম অব্যাহত ৰাখি মানৱাধিকাৰ সুৰক্ষাৰ হকে যুঁজ চলাই বিৰল দৃষ্টান্ত দাঙি ধৰি এক আদৰ্শ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হোৱা ড০ শইকীয়াই বিগত সময়ত অসমত  আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা এনকাউণ্টৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত সবলভাবে মাত মাতি মানৱাধিকাৰ সুৰক্ষিত ৰখাত অগ্ৰণী ভূমিকা পালন কৰিছিল।

আনহাতে, অন্ধবিশ্বাস তথা ডাইনীৰ নামত হত্যা আৰু নিৰ্যাতন ৰোধ কৰাৰ বাবে “দ্যা আসাম ৱিটছ হাণ্টিং পি পি পি এক্ট ২০১৫” নামেৰে ৰাজ্যত বলবৎ হোৱা উক্ত আইনৰ অন্যতম দাবীদাৰ ড০ দিব্যজ্যোতি শইকীয়া।  সামাজিক তথা মানৱাধিকাৰৰ ক্ষেত্ৰখনত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ  বাবে এশ ষাঠীতাতকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্ত: ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ড০ দিব্যজ্যোতি শইকীয়াক ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আগশাৰীৰ বহু কেইটা সংবাদ মাধ্যমে  ভূয়সী প্ৰশংসা কৰি আহিছে।