NORTHEAST NOW (Assamese)
অসম

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 22, 2025 8:50 pm

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্য বেদখলমুক্ত কৰাৰ বাবে গোলাঘাটৰ পৰা আৰম্ভ কৰি নতুন উচ্ছেদ অভিযানৰ ইংগিত দিছে ।

শদিয়াৰ ঐতিহাসিক বুঢ়া বুঢ়ী থান প্ৰকল্প ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে মাৰ্ঘেৰিটাত ইতিমধ্যে কাম-কাজ চলি আছে আৰু এনে সকলো ভূমি বেদখলমুক্ত কৰাৰ অভিযান পদ্ধতিগতভাৱে অব্যাহত থাকিব।

“আমি এইটোও জানিব পাৰিছো যে মাৰ্ঘেৰিটাত মুকলি ভূমি উপলব্ধ হোৱাৰ বাবে বহু বেদখলকাৰীয়ে বসতি স্থাপন কৰিছে। কিন্তু প্ৰতিটো অভিযানৰ বাবে নূন্যতম তিনিমাহৰ সময়সীমাৰ প্ৰয়োজন হোৱাৰ বাবে আমি একেলগে সকলো উচ্ছেদ কৰিব নোৱাৰো। সেয়েহে আমি অগ্ৰাধিকাৰৰ ভিত্তিত আগবাঢ়িছো। এদিন, আমি বেদখল কৰা সকলো ভূমি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হম।”

ইয়াৰ পূৰ্বে ড০ শৰ্মাই বুঢ়া-বুঢ়ী থানত ১২ হাজাৰ লিটাৰ খোৱাপানী যোগান আঁচনি উদ্বোধন কৰি সংৰক্ষণ আৰু উন্নীতকৰণৰ লক্ষ্যৰে ৯ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰিও তেওঁ পৰম্পৰাগত ভূমি পূজন অনুষ্ঠানও সম্পন্ন কৰে।মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, আৰু বিধায়ক বলিন চেতিয়া, সুৰেন ফুকন, তৰংগ গগৈ, আৰু সঞ্জয় কিষাণ উপস্থিত থাকে।