NORTHEAST NOW (Assamese)
অসম

ডিমৌত অট’ ভাৰা হ্ৰাসৰ দাবী আছাৰ, পৰিবহণ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ

Posted by: হিতোজ্জ্বল চেতিয়া June 5, 2018 9:35 pm
aasa

শিৱসাগৰ জিলাৰ ডিমৌ চাৰিআলিৰ পৰা শিৱসাগৰ টাউনলৈকে ২০ কিলোমিটাৰ দূৰত্বৰ ৰাস্তাত ২০ টকা ভাড়াত যাতায়াত কৰিব পাৰি। ঠিক একে সময়তে কিন্তু ডিমৌ চাৰিআলিৰ পৰা দিৰৈলৈকে মাত্ৰ ৭ কিলোমিটাৰ দূৰত্বৰ ৰাস্তাত ২০ টকা ভাড়া দি যাতায়াত কৰিব লগা হোৱাত জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ডিমৌ আঞ্চলিক সমিতি।

অট’ চালকসকলৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা ল’বৰ বাবে আৰু তিনি দিনৰ ভিতৰত গাড়ী ভাড়া কম কৰিব লাগে বুলি  দাবী জনাই আজি ৫ জুনত আছাৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি বিনন্দ চাওৰা আৰু সম্পাদক ললিত তাঁতী স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ডিমৌ ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰিছে।

ইয়াৰ প্ৰতিলিপি জিলা পৰিবহণ বিষয়া শিৱসাগৰ আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিমৌ থানালৈ প্ৰেৰণ কৰিছে বুলি সমিতিৰ  সম্পাদকে জনাইছে।

এই ৭ কিলোমিটাৰ দূৰত্বৰ ভিতৰত চলাচল কৰা অট’ চালকৰ মইমতালিৰ ফলস্বৰূপে যাত্ৰীসকল বিমোৰত পৰিছে। যিহেতু অট’ চালকসকলে নিজ খেয়ালখুচি মতে ভাড়া বৃদ্ধি কৰিছে।

ইয়াৰ লগতে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে ডিমৌতো পৰিৱেশ দিৱস উদযাপন কৰা হয়। ডিমৌৰ বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদত আজি গছ পুলি ৰোৱা হয়।