NORTHEAST NOW (Assamese)
Popular Stories

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 24, 2025 8:05 pm

ৰাজহুৱা স্থানত এগৰাকী যুৱতীক চুমা খোৱা আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন যুৱক। এই ঘটনা সংঘটিত হৈছিল বেংগালুৰুৰ গোবিন্দপুৰা অঞ্চলত।

আৰক্ষীৰ সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে বজাৰলৈ গৈ আছিল। সেই সময়ত অভিযুক্ত মহম্মদ মাৰুফ শ্বৰীফে মহিলাগৰাকীৰ পিছে পিছে যাবলৈ আৰম্ভ কৰে। তাৰ পাছত ৰাস্তাত থকা মহিলাগৰাকীৰ ওপৰত জপিয়াই পৰিল। জোৰকৈ মহিলাগৰাকীৰ ওঁঠত চুমা খাবলৈ ধৰিলে। যুৱকজনে মহিলাগৰাকীৰ ওঁঠত কামোৰাৰ অভিযোগো উত্থান হৈছে। এনে ঘটনাৰ বাবে হঠাৎ অসুস্থ হৈ পৰে মহিলাগৰাকী। কোনোমতে তেওঁ সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হল। ইয়াৰ পিছত ঘৰলৈ গৈ গোটেই ঘটনাটো মাকক কয়। পাছত যুৱকজনৰ বিৰুদ্ধে গোবিন্দপুৰা থানাত এজাহাৰ দাখিল কৰে। লিখিত অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। যৌন নিৰ্যাতনৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাৰুফক।

ইফালে, ৬ জুনত ৰাস্তাৰ মাজভাগত দুটাকৈ অসৎ আচৰণৰ অভিযোগ দাখিল কৰা হয়। সন্ধিয়া প্ৰায় ৭ বজাত পৰিয়ালৰ লোকৰ সৈতে ফুৰিবলৈ ওলাই অহা এগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অলপ সময়ৰ ভিতৰতে যুৱকজনে পাৰ্কত প্ৰৱেশ কৰি আন এগৰাকী মহিলাক বলপূৰ্বকভাৱে সাৱটি ধৰি চুমা খাইছিল বুলি অভিযোগ উঠিছে। ইফালে, ৩ জুনত বেংগালুৰুত সংঘটিত হোৱা এক ঘটনাৰ ভিডিঅ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। তাত সেই নিশা প্ৰায় ১:৪৫ বজাত দুগৰাকী যুৱতী ৰাস্তাৰে খোজ কাঢ়ি যোৱা দেখা যায়। সেই সময়ত এজন যুৱকে তেওঁলোকৰ পিছে পিছে পিছে পিছে যাবলৈ ধৰিলে। ইফালে যুৱকজনে এগৰাকী যুৱতীৰ ওপৰত জপিয়াই যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। এনেধৰণৰ ধাৰাবাহিক ঘটনাই বেংগালুৰুত মহিলাৰ সুৰক্ষাক লৈ নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।