NORTHEAST NOW (Assamese)
Popular Stories

ভুৱা আধাৰ, বিভিন্ন ভাৰতীয় নথি-পত্ৰ লৈ কলকাতাত গ্ৰেপ্তাৰ বাংলাদেশী মডেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2025 3:16 pm

কলকাতা আৰক্ষীয়ে মঙলবাৰে ভাৰতত অবৈধভাৱে বাস কৰা এগৰাকী বাংলাদেশী মহিলাক গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ নাম বাংলাদেশৰ বৰিছালৰ বাসিন্দা শান্তা পাল (২৮)। জাদৱপুৰ অঞ্চলৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। লগতে উদ্ধাৰ হৈছে দুখন আধাৰ কাৰ্ড, এখন ভোটাৰ কাৰ্ড আৰু এখন ৰেচন কাৰ্ড।

কলকাতা আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) ৰূপেশ কুমাৰে কয় যে, ‘এটা নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত আমি এই গোচৰ ৰুজু কৰি তদন্তৰ কালছোৱাত আমি এগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছো।তেওঁ এতিয়া আৰক্ষীৰ জিম্মাত আছে।তদন্ত চলি আছে।

আৰক্ষীৰ মতে, তেওঁৰ ভাড়াঘৰত দীৰ্ঘদিনীয়া তালাচীৰ সময়ত তেওঁৰ নামত জাৰি কৰা কেইবাখনো বাংলাদেশী পাছপৰ্ট, ৰিজেণ্ট এয়াৰৱেজ (বাংলাদেশৰ) কৰ্মচাৰী কাৰ্ড, ঢাকাৰ মাধ্যমিক শিক্ষাৰ এডমিট কাৰ্ড, বিভিন্ন ঠিকনাত পঞ্জীয়নভুক্ত দুখন আধাৰ কাৰ্ড, এখন ভাৰতীয় ভোটাৰ/এপিক কাৰ্ড আৰু ৰেচন কাৰ্ড, সকলোবোৰ বিভিন্ন ঠিকনাৰ উদ্ধাৰ কৰি জব্দ কৰা হয়।

আৰক্ষীৰ মতে, মহিলাগৰাকীয়ে ২০২৪ চনৰ শেষৰ ফালে এজন পুৰুষৰ সৈতে ঘৰটো ভাড়াত লৈছিল।

বুধবাৰে মহানগৰ আদালতত হাজিৰ কৰা মহিলাগৰাকীক ৮ আগষ্টলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

জেৰাৰ সময়ত শান্তা পলে আৰক্ষীক কোনো সন্তোষজনক উত্তৰ দিব নোৱাৰিলে, তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ভাৰতত থকাৰ বাবে কোনো বৈধ ভিছা দেখুৱাব নোৱাৰিলে আৰু বৰ্তমান আধাৰ, ভোটাৰ আৰু ৰেচন কাৰ্ড কেনেকৈ হাতত ল’বলৈ সক্ষম হ’ল সেই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছে। মহিলাগৰাকীৰ হাতত উদ্ধাৰ হোৱা আধাৰ কাৰ্ড দুখনৰ ভিতৰত এখনৰ কলকাতাৰ ঠিকনা থকাৰ বিপৰীতে আনখনৰ বৰ্ধমানৰ ঠিকনা।

বৰ্তমান কলকাতা আৰক্ষীয়ে ইউআইডিএআইৰ সৈতে যোগাযোগ কৰি আছে যে কেনেকৈ তেওঁক আধাৰ কাৰ্ড অনুমোদন কৰা হল। ৰাষ্ট্রীয় নির্বাচন আয়োগ আৰু পশ্চিম বংগৰ খাদ্য বিভাগৰ সৈতেও যোগাযোগ কৰি ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড কেনেকৈ পালে সেই সন্দর্ভত সোধা-পোছা কৰি আছে৷

সূত্ৰ অনুসৰি অভিযুক্তই বাংলাদেশত অভিনেত্ৰী হিচাপে কাম কৰিছিল। বাংলাদেশৰ কেইবাটাও টিভি চেনেল আৰু শ্বত এংকৰ হিচাপেও কাম কৰিছিল আৰু তাত একাধিক সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।