NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত জনতা দলৰ(এছ)ৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্না

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2025 5:44 pm

জনতা দলৰ(এছ) প্ৰাক্তন সাংসদ প্ৰজ্জ্ব্ল ৰেভান্না ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈছে

প্ৰজ্জ্বলৰ বিৰুদ্ধে তিনিটা ধৰ্ষণ গোচৰ আৰু এটা যৌন নিৰ্যাতনৰ গোচৰ আছে আৰু এইটোৱেই হৈছে প্ৰথমটো গোচৰ যত বিচাৰ সম্পূৰ্ণ হৈছে। এই গোচৰৰ ভুক্তভোগী ৪৮ বছৰীয়া হাছানৰ গণিকাদাত থকা ৰেভান্না পৰিয়ালৰ ফাৰ্ম হাউচত প্ৰাক্তন সহায়ক।

শনিবাৰে (২ আগষ্ট, ২০২৫) এই অপৰাধৰ শাস্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে।

২০২৫ চনৰ ২ মেৰ পৰা প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ বিশেষ আদালতত প্ৰজ্জ্বলৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰৰ বিচাৰ আৰম্ভ হৈছিল আৰু দুমাহৰ অলপ বেছি সময়ৰ ভিতৰতে দৈনিক শুনানিৰ জৰিয়তে বিচাৰ সমাপ্ত হৈছিল।