NORTHEAST NOW (Assamese)
অসম

সুষমা স্বৰাজৰ কন্যাৰ ৰাজনীতিত পদাৰ্পণ; দিল্লী বিজেপিৰ আইনী কোষৰ গুৰু দায়িত্বত বাঞ্চুৰী স্বৰাজ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 27, 2023 10:40 am

প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেত্ৰী সুষমা স্বৰাজৰ কন্যা বাঞ্চুৰী স্বৰাজ সক্ৰিয়  ৰাজনীতিত জড়িত হৈ পৰিল। তেওঁক দিল্লী বিজেপিৰ আইনী কোষৰ সহ-আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, বিজেপিয়ে সুষমা স্বৰাজৰ কন্যাক ৰাজনীতিত প্ৰৱেশ কৰাৰ পথ প্ৰশস্ত কৰিছে।

বাঞ্চুৰী স্বৰাজ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। বীৰেন্দ্ৰ সচদেৱে দিল্লী বিজেপিৰ পূৰ্ণ-সময়ৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত বাঞ্চুৰীৰ ৰাজ্যিক গোটত প্ৰথম নিযুক্তি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

লগতে পঢ়ক: Fact Check: ফোনত বিনামূলীয়াকৈ ২৩৯ টকাৰ ৰিচাৰ্জ দিছে মোডী চৰকাৰে! দৰাচলতে ভুৱা মেচেজ…

শুকুৰবাৰে, বাঞ্চুৰী স্বৰাজক দায়িত্ব ল’বলৈ আহ্বান জনোৱা হৈছিল। তেওঁ পিছত সেইটো স্বীকাৰ কৰিছে। তেওঁ কৈছিল যে তেওঁ আইনী বিষয়ত বিজেপিক সহায় কৰিব। বাঞ্চুৰীয়ে কয়, “এয়া সঁচা যে মোক আনুষ্ঠানিকভাৱে দিল্লী বিজেপিৰ আইন বিভাগৰ সহ-আহ্বায়কৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ জৰিয়তে মই দলটোক সেৱা আগবঢ়োৱাৰ সুযোগ পাম।‘’

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অন্যান্য শীৰ্ষ বিজেপি নেতাসকলকো ধন্যবাদ জনাইছে। তেওঁ কয় যে তেওঁ এই সুযোগ দিয়াৰ বাবে কৃতজ্ঞ।

দিল্লী বিজেপিয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বাঞ্চুৰী স্বৰাজ ২০০৭ চনত দিল্লীৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল। তেওঁ ১৬ বছৰ ধৰি ওকালতি বৃত্তিৰ সৈতে জড়িত হৈ আছে।

লগতে পঢ়ক: সুৰক্ষিত নহয় ৰাষ্ট্ৰীয় প্ৰতীক! দেশখনত ৫০ লাখ কেংগাৰু হত্যা কৰিব অষ্ট্ৰেলিয়াৰ চৰকাৰে

ইংৰাজী সাহিত্যত স্নাতক বাঞ্চুৰীয়ে ৱাৰউইক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ৰ অধ্যয়ন সমাপ্ত কৰিছিল। তেওঁ লণ্ডনৰ বিপিপি-ল স্কুলত আইন অধ্যয়ন কৰিছিল। তেওঁ আইনত বেৰিষ্টাৰ হিচাপে যোগ্যতা অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছেইণ্ট কেথেৰিন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।

সুষমা স্বৰাজ আৰু তেওঁৰ স্বামী স্বৰাজ কৌশলৰ কন্যা বাঞ্চুৰী স্বৰাজ। দেউতাক আৰু মাক দুয়োজনে এটা সময়ত আইন অধ্যয়ন কৰিছিল। ৰাজনীতিৰ সৈতে দুয়োৰে ঘনিষ্ঠ সম্পৰ্ক আছিল। সুষমা স্বৰাজৰ দৰে তেওঁৰ স্বামী স্বৰাজ কৌশলো এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছিল। তেওঁ মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়ক:WPL 2023 Final: মহিলা প্ৰিমিয়াৰ লীগৰ ৰুদ্ধশ্বাস ফাইনেলত দিল্লীক পৰাস্ত কৰি চেম্পিয়ন মুম্বাই

স্বৰাজ কৌশল বৰ্তমান দিল্লীৰ এজন প্ৰখ্যাত অপৰাধ বিষয়ক অধিবক্তা। তেওঁলোকৰ একমাত্ৰ কন্যা বাঞ্চুৰী স্বৰাজেও তেওঁৰ পিতৃ আৰু মাতৃয়ে দেখুওৱা পথেৰেই যাত্ৰা আৰম্ভ কৰিছে।