• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

WPL 2023 Final: মহিলা প্ৰিমিয়াৰ লীগৰ ৰুদ্ধশ্বাস ফাইনেলত দিল্লীক পৰাস্ত কৰি চেম্পিয়ন মুম্বাই

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
March 27, 2023 7:21 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলা প্ৰিমিয়াৰ লীগৰ (Women’s Premier League, WPL 2023 Final) খিতাপৰ যুঁজত দেওবাৰে মুম্বাই ইণ্ডিয়ানছ উইমেন আৰু দিল্লী কেপিটেলছ উইমেনৰ মাজত মুম্বাইৰ ব্ৰেবোৰ্ণ ষ্টেডিয়ামত মুখামুখি হয়। মেগ লেনিংৰ দিল্লী আৰু হৰমনপ্ৰীত কৌৰৰ মুম্বাইৰ ফাইনেল খেলখনৰ চৰ্চা ভালদৰে চলি আছিল।

ফাইনেলত শচীন তেণ্ডুলকাৰ আৰু ৰোহিত শৰ্মাৰ দৰে হেভিৱেট সকলে মুম্বাইক সমৰ্থন কৰিবলৈ খেলপথাৰত উপস্থিত আছিল। মুম্বাই ইণ্ডিয়ানছৰ (পুৰুষ দল) গোটেই দলটোও ব্ৰেবোৰ্ণ ষ্টেডিয়ামলৈ আহিছিল। শচীন-ৰোহিতৰ সমৰ্থনত দূৰন্ত মুম্বাই ইণ্ডিয়ানছে মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণত চূড়ান্ত বিজয়ী হয়।

টছত জয়ী হোৱাৰ পিছত মেগে হৰমনপ্ৰীতক ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। প্ৰথমে বেটিং কৰি দিল্লীয়ে নিৰ্ধাৰিত অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৩১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। স্ক’ৰব’ৰ্ডত এই ৰাণ কৰিবলৈ যোৱাৰ সময়ত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়।

Apply Now

দিল্লীয়ে ৭৪ ৰাণত তেওঁলোকৰ প্ৰথম পাঁচটা উইকেট হেৰুৱাইছিল। কেপ্টেইন লেনিংয়ে অ’পেনিং কৰিবলৈ আহি ভাল প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। তেওঁ ২৯ টা বলত ৩৫ ৰাণ কৰিছিল। পৰৱৰ্তী চাৰিজন বেটছমেনৰ কোনেও ২০ ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে।

ব্ৰিটিছ পেচাৰ ইচি ৱাঙে তিনিটা উইকেট দখল কৰে। এটা সময়ত দিল্লীয়ে ৭৯ ৰাণত ৯ টা উইকেট হেৰুৱায়। ধাৰণা হৈছিল যে লেনিংৰ দলটোৱে ১০০ ৰাণো অতিক্ৰম কৰিব নোৱাৰিব। কিন্তু দুই ভাৰতীয় শিখা পাণ্ডে (১৭ টা বলত ২৭ ৰাণ) আৰু ৰাধা যাদৱে (১২ টা বলত ২৭ ৰাণ) অপৰাজিত ইনিংছ খেলি তেওঁলোকক এক সন্তোষজনক স্ক’ৰলৈ লৈ যায়। শিখা আঠ নম্বৰত আৰু ৰাধা এঘাৰ নম্বৰত বেটিং কৰিবলৈ নামিছিল। ই.চি. ৱাঙৰ উপৰিও, অলৰাউণ্ডাৰ হিলি মেথিউৱে তিনিটা উইকেট দখল কৰে। এমিলিয়া কাৰে দুটা উইকেট দখল কৰে।

দিল্লীৰ ৰাণ অনুসৰণ কৰিবলৈ ক্ৰীজত নমা মুম্বাইৰ দুই অপেনাৰ ২৫ ৰাণৰ ভিতৰতে উভতিছিল। হেলীয়ে ১২ টা বলত ১৩ ৰাণ কৰে। স্বস্তিকা ভাটিয়াই ৩ টা বলত ৪ ৰাণ কৰি উভতি যযায়। তাৰ পিছত কেপ্টেইন হৰমনপ্ৰীত আৰু ব্ৰিটিছ অলৰাউণ্ডাৰ নাট-চাইভাৰ ব্ৰেণ্ডে খেলখন ধৰি ৰাখে। একেবাৰে খুটি পুতি ৰৈছিল হৰমনপ্ৰীত। কিন্তু ভুল বুজাবুজিৰ বাবে তেওঁ বিপক্ষ দলৰ অধিনায়কৰ দৰে ৩৯ টা বলত ৩৭ ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হয়। হৰমনপ্ৰীত-নেটে ৭৪ টা বলত ৭২ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে।

𝐇𝐢𝐬𝐭𝐨𝐫𝐢𝐜! @mipaltan captain @ImHarmanpreet with the prestigious #TATAWPL Trophy 👏👏#DCvMI | #Final pic.twitter.com/JhnGLS5wku

— Women's Premier League (WPL) (@wplt20) March 26, 2023

হৰমনপ্ৰীত উভতি যোৱাৰ সময়ত মুম্বাইৰ স্ক’ৰ আছিল ৩ উইকেটত ৯৫। হৰমনপ্ৰীত ১৬.১ অভাৰত আউট হৈছিল। তেতিয়া ২৪ টা বলত বিজয়ৰ লক্ষ্য আছিল ৩৭। এমিলিয়া কাৰ নেটৰ সৈতে যোগ দিবলৈ ক্ৰীজলৈ আহিছিল। মুম্বাইক শেষৰ ১২ টা বলত জিকিবলৈ ২১ ৰাণৰ প্ৰয়োজন আছিল। নাট আৰু এমেলিয়াই যথেষ্ট চাপত ঠাণ্ডা মগজুৰে সৈতে খেলিছিল।

কিৱি অলৰাউণ্ডাৰ এমিলিয়াই ৮ টা বলত ১৪ ৰাণ কৰি অপৰাজিত থাকে। নেটে এক অসামান্য মেচ-উইনিং ইনিংছ খেলি ৫৫ টা বলত ৬০ ৰাণত নট আউট থাকে। অৱশ্যে, এই দিনটোত দিল্লীয়ে ইমান কম ৰাণৰ সৈতে দিয়া যুঁজখন নিঃসন্দেহে প্ৰশংসাৰ যোগ্য। তেওঁলোকৰ বলিং সঁচাকৈয়ে প্ৰশংসনীয় আছিল।

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd