NORTHEAST NOW (Assamese)
দেশ

শিক্ষাৰ্থীক উৰ্দু পঢ়িবলৈ বাধ্য কৰি নিলম্বিত হ’ল শিক্ষক

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 3, 2025 7:26 pm

উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ চৰকাৰী কম্পোজিট স্কুলৰ সহকাৰী শিক্ষক ছালাউদ্দিনক শিশুক উৰ্দু পাঠদান কৰিবলৈ বাধ্য কৰাৰ বাবে নিলম্বন কৰা হৈছে।

চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা কথিত ভিডিঅৰ অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সংশ্লিষ্ট ব্লকৰ ব্লক শিক্ষা বিষয়া ইন্দ্ৰজিতে জনোৱা মতে, “বিজনুৰৰ হৰবংশপুৰ ধৰম গাঁৱত অৱস্থিত এই কম্পোজিট স্কুলত নিযুক্তি দিয়া শিক্ষক ছালাউদ্দিনক নিলম্বন কৰা হৈছে। নিলম্বন পত্ৰখন জিলা মৌলিক শিক্ষা বিষয়াই জাৰি কৰিছে।”

নিলম্বিত ছালাউদ্দিনে কয়, “মই বহুদিনৰ পৰা শিক্ষকতাৰ ক্ষেত্ৰখনত আছো। এই সকলোবোৰ গাঁৱৰ এজন ব্যক্তিৰ ষড়যন্ত্ৰ, তেওঁৰ সন্তানে আমাৰ স্কুলৰ অষ্টম শ্ৰেণীত পঢ়ে, তেওঁ ভিত্তিহীন অভিযোগ কৰি থাকে।”ছালাউদ্দিনে কয় যে তেওঁৰ সৈতে অন্যায় হৈছে আৰু বলপূৰ্বকভাৱে উৰ্দু পঢ়োৱা বা শিশুক মাৰপিট কৰাৰ দৰে অভিযোগ ভিত্তিহীন’।