NORTHEAST NOW (Assamese)
অসম

হুণ্ডাই আৰু বিটিএছে মুকলি কৰিলে ২০২২ চনৰ ফিফা বিশ্বকাপৰ প্ৰচাৰৰ এটা গান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2022 2:54 pm

BTS song for FIFA World Cup campaign প্ৰসিদ্ধ বেণ্ড বিটিএছে (BTS) নিকি মিনাজৰ পৰা কোল্ডপ্লেলৈকে সকলোৰে সৈতে দল বান্ধিছে, কিন্তু দক্ষিণ কোৰিয়াৰ বয়বেণ্ডটোৰ শেহতীয়া যুটীয়ে অনুৰাগীসকলক নিশ্চয়কৈ আচৰিত কৰিব তুলিব।

ফিফা বিশ্বকাপ ২০২২-ৰ কাউন্টডাউন আৰম্ভ হোৱাৰ সময়তে, বয়বেণ্ডটো ফিফাৰ পৃষ্ঠপোষক হুণ্ডাইৰ দ্বাৰা ইয়াৰ বহনক্ষম “শতিকাৰ লক্ষ্য” (Goal of the Century) তুলি ধৰা প্ৰচাৰ অভিযানৰ বাবে নিৰ্বাচিত হৈছে।

লগতে পঢ়ক: ভাৰতীয় টকাৰ সৰ্বকালীন পতন; আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১ টকা অতিক্ৰম

বয়বেণ্ডটোৱে কাটাৰ ফুটবল টুৰ্ণামেণ্টৰ চৌপাশে সেই মুহূৰ্তৰ উন্মাদনাৰ ব্যৱহাৰ কৰি ইয়াৰ কাৰ্বন-নিৰপেক্ষ ষ্ট্ৰেটেজিৰ বিষয়ে সজাগতা চলাব।

এই উদ্যোগৰ অংশ হিচাপে, বিটিএছে ২০ নৱেম্বৰৰ কিক্ অফৰ পূৰ্বে যুৱ সকলক “স্থিৰতাৰ এটা লক্ষ্যৰ ফালে একত্ৰিত” কৰিবলৈ তেওঁলোকৰ হিট “ইয়েট টু কাম”ৰ “ব্ৰিটিছ ৰক ৰিমিক্স” পুনৰ ৰেকৰ্ড কৰিছে।

View this post on Instagram

A post shared by Hyundai Worldwide (@hyundai)

আপডেট কৰা গীতৰ সৈতে ২২ ছেপ্টেম্বৰত মুকলি কৰা সম্পূৰ্ণ ট্ৰেকটোৰ ১ মিনিটৰ প্ৰিভিউ-য়ে হুণ্ডাইৰ প্ৰচাৰৰ বাৰ্তা প্ৰতিফলিত কৰিছে।