NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনত আৱদ্ধ হৈ পৰিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 3:54 pm
Chopra

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা অসম পৰ্যটনৰ প্ৰাক্তন ব্ৰ্যাণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰা ব্ৰিটেইনত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

ব্ৰিটেইনত নতুন কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত দেশখনৰ প্ৰশাসনে চতুৰ্থ পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰা বাবে ব্ৰিটেইনতে আৱদ্ধ হৈ থাকিবলগীয়া হয় বলিউদৰ মোহময়ী অভিনেত্ৰী গৰাকী।

ব্ৰিটেইনত ল’কডাউন ঘোষণা কৰাৰ সময়ত প্ৰিয়ংকাই হলিউদৰ চলচ্চিত্ৰ ‘টেক্স ফৰ য়ু’ৰ শ্বুটিঙত ব্যস্ত হৈ আছিল।

ব্ৰিটেইনত আৱদ্ধ হৈ থকা প্ৰিয়ংকাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বিশেষ অনুমতি লৈ উভতি আহিব পাৰিবনে নাই শেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব।
উল্লেখযোগ্য যে, ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ ধৰাত পৰিছে। এই নতুন ক’ৰ’না ভাইৰাছ বিধে পূৰ্বৰ ভাইৰাছ বিধৰ তুলনাত ৭০ শতাংশ অধিক হাৰত সংক্ৰমণ ঘটাবলৈ সক্ষম বুলি প্ৰকাশ পাইছে।

ইতিমধ্যে বিশ্বৰ বহু কেইখন দেশে ব্ৰিটেইনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।