NORTHEAST NOW (Assamese)
অসম

ছ’চিয়েল মিডিয়াৰ সৈতে আধাৰ নম্বৰ সংযোগৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2019 9:02 pm
New-Aadhar-Card-

ছ’চিয়েল মিডিয়াৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰা সন্দৰ্ভত এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ সোমবাৰে নাকচ কৰে উচ্চতম ন্যায়ালয়ে।

জানিব পৰা মতে, সৰ্বোচ্চ ন্যায়ালয়ে আবেদনকাৰীক বিষয়টো সন্দৰ্ভত মাদ্ৰাছ  উচ্চ ন্যায়ালয়ৰ ওচৰলৈ যোৱাৰ বাবে কৈছিল।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে আধাৰ নম্বৰক ছ’চিয়েল মিডিয়াৰ সৈতে সংযোগ কৰাৰ সন্দৰ্ভত দুগৰাকী আবেদনকাৰীৰ শুনানি গ্ৰহণ কৰে।

আধাৰ নম্বৰক ছ’চিয়েল মিডিয়াৰ সৈতে সংযোগ কৰাৰ সন্দৰ্ভত একেধৰণে  মধ্যপ্ৰদেশ আৰু বোম্বে উচ্চ ন্যায়ালয়তো আবেদন কৰা হৈছিল।

মাদ্ৰাছ উচ্চ ন্যায়ালয়তো একে বিষয় ইতিমধ্যে বিচাৰাধীন হৈ আছে বুলি উল্লেখ কৰি এগৰাকী ন্যায়াধীশে সকলো বিষয় গুৰুত্বপূৰ্ণ হলেই উচ্চতম ন্যায়ালয়লৈ আহিব নোৱাৰে বুলি কয়।

‘‘সকলো বিষয়ৰ বাবে উচ্চতম ন্যায়ালয়লৈ আহিব নালাগে, মাদ্ৰাছ উচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ আছে, তালৈ যাৱক,’’ সৰ্বোচ্চ ন্যায়ালয়ে এনেদৰে কয় বুলি সংবাদ মাধ্যমত প্ৰকাশ পায়।

আইনজীৱি অশ্বিনী উপাধ্যায়ৰ জনস্বাৰ্থ জড়িত গোচৰৰ উত্তৰত উচ্চতম ন্যায়ালয়ে এনেদৰে উত্তৰ দিয়ে।

উপাধ্যায়ক গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবেও স্বাধীনতা দিয়া হয়।

উচ্চতম ন্যায়ালয়ে আধাৰ লিংকক লৈ ফেচবুক আৰু কেন্দ্ৰীয় চৰকাৰ লগতে ৰাজ্য চৰকাৰ সৈতে চলি থকা গোচৰৰ উল্লেখ কৰে।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ছ’চিয়েল মিডিয়াৰ সৈতে আধাৰ লিংক কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিলেও মেছেজৰ ক্ষেত্ৰত ইয়াৰ সত্যনিষ্ঠতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কয়।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ত আধাৰ লিংক কৰা প্ৰসংগত ২০১৮ চনত আবেদন দাখিল কৰা হৈছিল।

বাৰ এণ্ড বেঞ্চ প্ৰতিবেদনত ন্যায়াধীশ দীপক গুপ্তা আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত গোটৰটো উত্থাপন কৰিছিল বুলি প্ৰকাশ কৰে।

ফেইচবুকে উচ্চতম ন্যায়ালয়ক মাদ্ৰাছ উচ্চ ন্যায়ালয়, বম্বে উচ্চ ন্যায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত চলি থকা হোৱাটছএপ চিনাক্ত কৰণ সম্পৰ্কীয় গোচৰটো স্থানান্তৰিত কৰাৰ বাবে অনুৰোধ কৰে।

ফেইচবুক আৰু হোৱাটছএপে আধাৰলিংকে ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰিব বুলি উল্লেখ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।