NORTHEAST NOW (Assamese)
Popular Stories

ষ’ঠ পূজা ঘাটত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ; ডুমডুমাত চাঞ্চল্য

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 14, 2019 9:26 pm
Deadbody-570x320

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানা অন্তৰ্গত লংছোৱালৰ গুৰুকুল স্কুলৰ সমীপৰ  ছ’ট পূজা ঘাটত আজি বিয়লি এগৰাকী বিবাহিত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত মহিলাগৰাকীক মীৰা মণ্ডল (৪০) বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোৰ ৰাইজৰ লোকৰ মতে মহিলা গৰাকী যোৱা  চাৰিদিন ধৰি সন্ধানহীন হৈ আছিল।

অৱশ্যে মহিলা গৰাকী সন্ধানহীন হৈ থকাৰ কথা তেওঁৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাক অৱগত কৰা নাছিল বুলি আৰক্ষীয়ে কয়।

হাত ভৰি বন্ধা আৰু শৰীৰৰ বিভিন্ন অংশত দাৰ ঘাপ থকা মৃতদেহটো এটা বস্তাত ভৰাই থোৱা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা ষ’ঠ পূজা ঘাটৰ পুখুৰীত স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে।

অৰ্ধগলিত মৃতদেহটো পিছত মৰোনত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ মতে মহিলা গৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি বস্তাত ভৰাই পুখুৰীটোত পেলাই থৈ যায়।

জানিব পৰা মতে মৃত মহিলা গৰাকীৰ দ্বিতীয় স্বামী তথা লংছোৱালৰ সঞ্জয় গুপ্তা(৪৫)ক ডুমডুমা আৰক্ষীয়ে সোধা-পোছাৰ বাৱে আটক কৰিছে৷