NORTHEAST NOW (Assamese)
Popular Stories

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

August 7, 2025 1:24 pm

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলৰ কাণ্ডভাৰ সমীপত চিআৰপিএফৰ এখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ তিনিজন জোৱানে প্ৰাণ হেৰুৱাৰ লগতে ১৬ জন লোক আহত হয়।

উধমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপ ভাটৰ মতে, আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে, আৰু আহত আটাইকেইজন জোৱানক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে।

আনহাতে দুজন জোৱানৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজনে চিকিৎসালয়লৈ যোৱাৰ পথত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।

বাংকাৰ বাহনখন উলটি যোৱাৰ সময়ত মুঠ ২৩জন চিআৰপিএফ জোৱান আছিল। বসন্ত গড়ৰ পৰা অভিযানৰ পৰা উভতি অহাৰ সময়তে কাদৱা অঞ্চলত এই ঘটনা সংঘটিত হয়।