NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ লাজুস্থিত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 9, 2025 1:30 pm

অৰুণাচল প্ৰদেশৰ লাজু অঞ্চলৰ নোগলোত থকা অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ।

শনিবাৰে পুৱা প্ৰায় ৪ বজাত অসম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি গুলীচালনা কৰে আলফা(স্বা) আৰু এনএছচিএনৰ কেডাৰে।

খবৰ অনুসৰি, অসম ৰাইফলছৰ জোৱানসকলে লাইট মেচিনগানে বিদ্ৰোহীসকলক প্ৰত্যুত্তৰ দিয়ে। কিন্তু ইয়াৰ পূৰ্বে তেওঁলোকে প্ৰায় ২৫ জাঁই গুলীচালনা কৰে।

জানিব পৰা মতে এই ঘটনাত দুয়োপক্ষৰে কোনো লোক হতাহতি হোৱাৰ নাই।