NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত মহিলা বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2025 1:55 pm
কাজিৰঙাত মহিলা বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে এগৰাকী যুৱতী বনকৰ্মীৰ মৃতদেহ। বৃহস্পতিবাৰে বোকাখাতৰ ডি এফ অ কাৰ্যালয়ৰ আৱাসিক এলেকাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

মৃতদেহটো গোলাঘাট জিলাৰ আঠখেলিয়াৰ নিবাসী দশমী দুৱৰা বুলি জানিব পৰা গৈছে। বন বিভাগৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি এই মৃত্যু আত্মহত্যা বুলি সন্দেহ কৰা হৈছে।

বোকাখাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কৰ্তৃপক্ষই জনোৱা মতে, তেওঁৰ কোৱাৰ্টাৰৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কাজিৰঙাৰ ডিএফঅ অৰুণ ভিগনেশে এই মৃত্যু নিশ্চিত কৰি কয় যে এই ঘটনাৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত চলি আছে।