NORTHEAST NOW (Assamese)
Popular Stories

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2025 10:35 am

অঘৰী কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে। বন্ধুৱে তোলা এই ভিডিঅটোৱে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাত সহায় কৰে। যদিও ভিডিঅটোৰ সত্যতা নৰ্থইষ্ট নাওৰ দ্বাৰা পৰীক্ষা কৰা হোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱকজনৰ নাম নু বিশ্বকৰ্মা। ২৪ বছৰীয়া যুৱকজন লক্ষ্ণৌৰ বাসিন্দা। আছৰা নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ সভাপতি চাৰু খাৰে দাবী কৰিছে যে যোৱা ৭ আগষ্টত তেওঁ এটা অঘৰী কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি মাজ ৰাস্তাত ধৰ্ষণ কৰিছিল। যদিও পথচাৰীসকলে এই নৃশংস কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে।

অৱশ্যে তেওঁৰ এজন বন্ধুৱে সমগ্ৰ ঘটনাটো তেওঁৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰে। পিছত সেই ভিডিঅ ভাইৰেল হৈ ইণ্টাৰনেটত ক্ষোভৰ সৃষ্টি কৰে। ইফালে চাৰু খাৰৰ সংগঠনে আৰক্ষীক এজাহাৰ দাখিল কৰে। যেতিয়া গোমতীনগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল তেতিয়া ভিডিঅটোৱে তেওঁলোকক সহায় কৰিছিল। যাৰ জৰিয়তে অৱশেষত আৰক্ষীয়ে ছনুক গ্ৰেপ্তাৰ কৰে বৰ্তমান সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে।