NORTHEAST NOW (Assamese)
অসম

দেশত অ’মিক্ৰণৰ আতংকৰ মাজতে বেংগালুৰুত দক্ষিণ আফ্ৰিকাৰ পৰা অহা দুজন ব্যক্তি পজিটিভ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2021 10:06 am
1613489799-4575

বিশ্বত নতুনকৈ আতংকৰ সৃষ্টি কৰা কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণে ভাৰততো আশংকাৰ সৃষ্টি কৰাৰ মাজতে দক্ষিণ আফ্ৰিকাৰ পৰা দেশলৈ অহা দুজন ব্যক্তিৰ কৰ’না পজিটিভ ধৰা পৰিছে।

অৱশ্যে ব্যক্তি দুজনৰ শৰীৰত অ’মিক্ৰণৰ ভেৰিয়েন্টে আক্ৰমণ কৰিছেনে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

শনিবাৰে বেংগালুৰুৰ কেম্পেগৌড়া বিমানবন্দৰত নামে দুজন দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহা লোক। তেওঁলোকৰ টেষ্ট কৰাত কৰ’না পজিটিভ পোৱা যায়।

কিন্তু এয়া কৰ’নাৰ নতুন ভেৰিয়েন্ট হয়নে হয় সেয়া নিশ্চিত হ’বলৈ ৪৮ ঘন্টা অপেক্ষা কৰিব লাগিব।

Also Read: Cell Culture Laboratory Inaugurated গুৱাহাটীৰ জি আই পি এছৰ চৌহদত গৱেষণাৰ বাবে চেল কালচাৰ লেবৰেটৰী স্থাপন

কৰ’না পজিটিভ ধৰা পৰা দুয়োজন ব্যক্তিকে কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, শনিবাৰে ব্ৰিটেইন আৰু বেলজিয়ামত কেইবাজনো লোকৰ শৰীৰত অ’মিক্ৰণ ভেৰিয়েন্টৰ সংক্ৰমণ ধৰা পৰিছে।

মাৰাত্মক কৰ’না অতিমাৰীৰ আতংক বিয়পাই পুনৰ উপস্থিত হৈছে কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণ। ডেল্টা ভেৰিয়েন্টতকৈ কেইবাগুণো অধিক সংক্ৰামক কৰ’নাৰ এই নতুন প্ৰজাতি।

Also Read: P Chidambaram: চিবিআই-ইডিৰ চাৰ্জশ্বীট পৰীক্ষা কৰি পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰক দিল্লীৰ আদালতৰ তলব

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন ভেৰিয়েন্টে যাতে ভাৰতত আতংকৰ সৃষ্টি কৰিব নোৱাৰে সেই বিষয়ে এক বৈঠক অনুষ্ঠিত কৰে।

প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক বিমান চলাচলত নিষেধাজ্ঞা জাৰি সন্দৰ্ভত বিবেচনা কৰাৰ পৰামৰ্শ দিছে।