NORTHEAST NOW (Assamese)
Popular Stories

“মই ইলন মাস্কৰ সন্তান”, দাবী এইজন যুৱকৰ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 10, 2025 3:30 pm

কেনিয়াৰ এজন ৪০ বছৰীয়া যুৱকে নিজকে ইলন মাস্কৰ বৰ পুত্ৰ বুলি দাবী কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱকজন। ইলন মাস্কৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰমাণ কৰিবলৈ ডি এন এ পৰীক্ষাৰো দাবী জনাইছে।

কিন্তু যুৱকজনৰ বয়সকৰ লগত ইলন মাস্কৰ বয়সৰ ব্যৱধানে এই দাবী সন্দেহজনক কৰি তুলিছে।

খবৰ অনুসৰি, লোকজনে অভিযোগ কৰিছে যে ২০ বছৰ বয়সত ইলন মাস্কে কেনিয়াৰ মাছাই মাৰাত তেওঁৰ মাতৃৰ সৈতে সম্পৰ্ক স্থাপনৰ কৰিছিল।

কিন্তু ১৯৮৫ চনত জন্ম পোৱা এই যুৱকজনৰ জন্মৰ সময়ত ইলন মাস্কৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। যাৰ ফলত এই দাবী মিছা বুলি প্ৰমাণ হৈছে।

ইফালে যুৱকজনে কয় যে তেওঁ ধন বা খ্যাতি নহয়, সত্য আৰু স্বীকৃতি বিচাৰিছে।

উল্লেখ্য যে ইলন মাস্কে চাৰিগৰাকী ভিন্ন মহিলাৰ সৈতে ১৪টা সন্তানৰ পিতৃত্ব লাভ কৰিছে যদিও কেনিয়াৰ পুত্ৰৰ কোনো অভিলেখ নাই।

মাস্কে এই দাবীৰ সম্পৰ্কত এতিয়ালে কোনো মন্তব্য কৰা নাই ।