NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ‘বিশ্বাসঘাতকতা দিৱস’ কংগ্ৰেছৰ; বিজেপি-মোদীক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ

Posted by: কাজী জেইদুল ইছলাম June 6, 2018 10:04 pm
ripun bora on bullock cart

পে’ট্ৰল-ডিজেলৰ দেশজুৰি হোৱা মূল্যবৃদ্ধি আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱৰাৰ প্ৰতিবাদত আজি ৬ জুনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত বিশ্বনাথত কংগ্ৰেছে পালন কৰে ‘বিশ্বাসঘাতকতা দিৱস’।

গৰু গাড়ীক প্ৰতীক হিচাপে লৈ ৰিপুন বৰাৰ নেতৃত্বত বিশ্বনাথ জিলা কংগ্ৰেছে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত পে’ট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, খেতিয়কক নিম্নতম সমৰ্থন মূল্য প্ৰদান নকৰা, প্ৰত্যেক ২৪ ঘন্টাত দেশৰ ৩৫ জন কৃষকে আত্মহত্যা কৰা,  প্ৰত্যেক বছৰত দুই কোটি লোকক কৰ্মসংস্থাপনৰ মিছা প্ৰতিশ্ৰুতি দি চাৰি বছৰত মাত্ৰ চাৰি লাখ ষোল্ল হাজাৰ লোককহে কৰ্মসংস্থাপন দিয়া,  বিদেশৰ পৰা ক’লা ধন ঘূৰাই আনি প্ৰত্যেকজন ভাৰতীয়ক পোন্ধৰ লাখকৈ টকা দিয়াৰ মিছা প্ৰতিশ্ৰুতি দিয়া, দুৰ্নীতি ৰোধ কৰিম বুলি প্ৰতিশ্ৰুতি দি নীৰৱ মোডীক দেশৰ বেংকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাত সহায় কৰা, চৰকাৰৰ নীতিৰদ্বাৰা দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি সংকট নমাই অনা, মহিলা আৰু শিশুৰ ওপৰত যৌন নিৰ্যাতন বৃদ্ধি পোৱা, ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পোৱা’ আদি বিভিন্ন বিষয়ক লৈ প্ৰতিবাদত ৰিপুন বৰাই বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে।

কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

দিনৰ ১১ বজাত আৰম্ভ হোৱা প্ৰতিবাদী সমদলটো বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ হৈ  চহৰৰ মাজেদি গৈ  জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হয়।

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ব্ৰজেন সন্দিকৈ, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  প্ৰেমলাল গঞ্জু, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  আনোৱাৰ  আহমেদ,  উত্তৰ অসম সংখ্যালঘু কোষৰ উপ সভাপতি ফাৰহাদ আহমেদ, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি আহমেদ আলী, বিশ্বনাথ জিলা কংগ্ৰেছৰ উপ সভাপতি নিত্য নাৰ্জাৰীকে ধৰি বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা অহা ব্লক আৰু মণ্ডল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।