NORTHEAST NOW (Assamese)
দেশ

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 13, 2025 10:30 am

বিশেষভাৱে সক্ষম মহিলাক নিৰ্যাতন চলোৱাৰ অপৰাধত দোষী সাব্যস্ত হোৱা এজন লোকক দোষমুক্ত কৰিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে।

২০১৮ চনৰ এই গোচৰৰ শুনানিত আদালতে পৰ্যবেক্ষণ কৰে যে কেৱল মহিলাৰ হাতত ধৰি টানিলে আৰু তাৰ আঁৰত অশ্লীল আছিল বুলি প্ৰমাণিত নহ’লে তাক নিৰ্যাতনৰ অপৰাধ বুলি গণ্য কৰিব নোৱাৰি (Criminal Intent Not Proven)।

অভিযোগ আছিল যে ২০১৫ চনৰ ৪ মেত মুৰুগেছান নামৰ এজন লোকে এগৰাকী মহিলাৰ হাতত ধৰি টানি ৰাজপথত মহিলাগৰাকীৰ জাতি সম্পৰ্কে আপত্তিজনক মন্তব্য কৰিছিল। যদিও বিচাৰ আদালতে তেওঁক এই অভিযোগৰ পৰা মুক্ত কৰিছিল, তথাপিও তেওঁক নিৰ্যাতনৰ দোষী সাব্যস্ত কৰিছিল। তেওঁক তিনি বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

উচ্চ ন্যায়ালয়ে কয় যে সাক্ষীসকলৰ বক্তব্যত কেইবাটাও অসামঞ্জস্যতা দেখা গৈছে। মানসিক বিকলাংগতাৰ বাবে ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ মতামত স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰিলে। মূল সাক্ষীয়ে কেতিয়াবা ঘটনাটো দেখা বুলি দাবী কৰিছিল, কেতিয়াবা অভিযুক্তজন যোৱাৰ পিছত সেই স্থানত উপস্থিত হোৱা বুলিও কৈছিল।

পূৰ্বৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দি ন্যায়াধীশ আৰ এন মঞ্জুলাই কয় যে ৩৫৪ ধাৰা প্ৰযোজ্য হ’বলৈ হ’লে মহিলাগৰাকীক নিৰ্যাতন চলোৱাৰ উদ্দেশ্যেৰে এই কাণ্ড সংঘটিত হ’ব লাগিব আৰু ইয়াক স্পষ্ট আৰু পতিয়ন যোগ্য প্ৰমাণেৰে প্ৰমাণ কৰিব লাগিব। কিন্তু উদ্দেশ্য প্ৰমাণিত নহ’লে অস্পষ্ট বা সাধাৰণ মন্তব্যৰ ভিত্তিত কাকো দোষী সাব্যস্ত কৰিব নোৱাৰি।উচ্চ ন্যায়ালয়ে অভিযুক্ত মুৰুগেছানক ৰে দোষমুক্ত কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও পূৰ্বে দিয়া যিকোনো জৰিমনা ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে।