NORTHEAST NOW (Assamese)
অভিমত

উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ দৃষ্টি

Posted by: বনজিৎ হুছেইন Updated by: বনজিৎ হুছেইন August 13, 2025 11:25 am

মূল : বনজিৎ হুছেইন
উৎস – দ্য ৱায়াৰ
ভাবানুবাদ : বিদিশা বৰ্মন, অঞ্জুমান ভৰদ্বাজ

নব্য-উদাৰবাদী ৰাষ্ট্ৰসমূহে ব্যৱহাৰ কৰা ভূতত্ত্বৰ সংজ্ঞা নিৰপেক্ষ নহয়। আমি সততে ব্যৱহাৰ ‎কৰা ‘ভূ-তাত্ত্বিক জৰীপ’, ‘নিলামৰ বাবে সাজু’, আৰু ‘বিনিয়োগৰ বাবে উপযোগী অঞ্চল’ৰ ‎দৰে শব্দবোৰে যদি কেৱল কাৰিকৰী দিশটোকে বৰ্ণনা কৰে বুলি ভাবোঁ তেন্তে ভুল কৰা ‎হ’ব। কাৰণ প্ৰকৃতাৰ্থত এই শব্দবোৰে মানুহৰ আৱাস, অৰণ্য তথা ভূ-গৰ্ভক ভৱিষ্যতৰ লাভ ‎উপাৰ্জনৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰে।

চলিত বৰ্ষৰেই জুন মাহত প্ৰকাশিত ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ ‘উত্তৰ-পূব ভাৰতৰ ভূতাত্ত্বিক ‎সম্ভাৱনীয়তা : ঐশ্বৰ্যময় ভূ-প্ৰকৃতিৰ গৰ্ভত লুকাই থকা খনিজাত সম্পদৰ ভঁৰাল’ শীৰ্ষক ‎হাতপুথিখন ইয়াৰ এটা জলন্ত উদাহৰণ। তদুপৰি হাতপুথিখনত আমোলাতান্ত্ৰিক আৰু ‎বৈজ্ঞানিক বিশ্লেষণৰ যি এক আৱৰণ দিবলৈ চেষ্টা কৰা হৈছে সি সম্পদ আহৰণৰ উদ্দেশ্যক ‎উহ্য কৰি ৰাখিছে। হাতপুথিখনে উত্তৰ-পূব ভাৰতৰ ইতিহাস আৰু পৰিৱেশ বিজ্ঞানৰ জটিল ‎সমল হিচাপে ভূমিকা পালন কৰাৰ সলনি নিৰৱে উত্তৰ-পূৰ্বাঞ্চলক খিলঞ্জীয়া লোকৰ শোষণৰ ‎বাবে প্ৰস্তুত কৰা খনিজাত সম্পদ সমৃদ্ধ সীমান্ত হিচাপহে চিহ্নিত কৰিছে। ‎

‎“অঞ্চলটোৰ সম্ভাৱনা থকা সত্ত্বেও, উত্তৰ-পূৰ্বাঞ্চলত খনিজ সম্পদৰ সৈতে জড়িত উন্নয়ন ‎ঐতিহাসিকভাৱে যথেষ্ট কঠিন। উত্তৰ-পূৰ্বাঞ্চলৰ ভূখণ্ডৰ অৱস্থা, পৰিৱেশ সংবেদনশীলতা, ‎সীমিত আন্তঃগাঁথনি, আৰু আৰ্থ-ৰাজনৈতিক সংবেদনশীলতাৰ দৰে প্ৰত্যাহ্বানৰ দ্বাৰা ‎এইধৰণৰ উন্নয়ন এতিয়া একেবাৰে দূৰূহ হৈ পৰিছে।”‎

প্ৰায়ে এটা শব্দ শুনা যায় – আৰ্থ-ৰাজনৈতিক সংবেদনশীলতা – যাক খিলঞ্জীয়াৰ ভূমিৰ ‎অধিকাৰ, সুক্ষ্ম পৰিৱেশ তন্ত্ৰ, আৰু প্ৰতিৰোধৰ দীৰ্ঘ ইতিহাসক বুজাবলৈ প্ৰতীক হিচাপে ‎ব্যৱহাৰ কৰা হয়। কিন্তু নামকৰণৰ ক্ষেত্ৰত ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ হাতপুথিখনে এই ‎দিশসমূহক স্বীকৃতি নিদিয়ে; হাতপুথিখনে এইবোৰ দিশ চেৰাই গৈ মাত্ৰ সম্পদ আহৰণ কৰি ‎যোৱাৰহে পৃষ্ঠপোষকতা কৰে।

হাতপুথিখনে উত্তৰ-পূবক খনিজাত সম্পদ সমৃদ্ধ অঞ্চল আৰু ব্যক্তিগত বিনিয়োগৰ বাবে ‎আদৰ্শ অঞ্চল হিচাপে দাঙি ধৰিছে। খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী ‎আইন, ২০১৫ৰ পাছৰে পৰা ভাৰতীয় ভূতাত্ত্বিক জৰীপে সক্ৰিয়ভাৱে নিলামৰ বাবে সাজু ‎অঞ্চলসমূহৰ তথ্য প্ৰস্তুত কৰিছে। ‎

হাতপুথিখনৰ পঢ়িলে বুজা যায় যে ভাৰতীয় ভূতাত্ত্বিক জৰীপে দুষ্প্ৰাপ্য খনিজ সম্পদ, ‎গ্ৰেফাইট, ভেনাডিয়াম, চূণশিল, আইৰণ অক্সাইড আদিৰ দৰে খনিজাত পদাৰ্থৰ বাবে আহিলা ‎বৃদ্ধি কৰাৰ লগতে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী আইন, ২০১৫ৰ ‎পাছত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ৩৮টা ভূতাত্ত্বিক ব্লক চিহ্নিত কৰিছে, যিয়ে ভাৰতৰ ‎খনিজ খণ্ডৰ বৃহৎ উদ্যোগীসকলৰ আগ্ৰহ বৃদ্ধিত অৰিহণা যোগাইছে।”‎

এই হাতপুথিখনএইবাবেই বিতৰ্কিত কাৰণ ইয়াত খিলঞ্জীয়াৰ পূৰ্বপুৰুষৰ ভূখণ্ডক বসবাসৰ ‎অনুপযোগী কৰি তোলাৰ উদ্দেশ্য একেবাৰে স্পষ্ট। বেদান্তা, অইল ইণ্ডিয়া, ডালমিয়া, অম্বুজা ‎আদিৰ দৰে কোম্পানীসমূহক উন্নয়নৰ অংশীদাৰ হিচাপে নহয় বৰঞ্চ ‘স্থানীয় সাৰ্বভৌমত্বৰ ‎ওপৰত ৰাষ্ট্ৰৰ নেতৃত্বত চলা আক্ৰমণ’ৰ ফলত লাভ হ’বলগীয়া হিতাধিকাৰী হিচাপে স্থান দিয়া ‎হৈছে।

জলবায়ু পৰিৱৰ্তনৰ দোহাই দি আমাৰ মনত ভয়ৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। আমাক ‎কোৱা হৈছে যে দুষ্প্ৰাপ্য খনিজ পদাৰ্থ বিদ্যুৎচালিত গাড়ীৰ বেটাৰী আৰু সৌৰ পেনেলৰ বাবে ‎অপৰিহাৰ্য। কিন্তু দিল্লী আৰু বেংগালুৰুত সেউজ শক্তি ব্যৱহাৰৰ বাবে উত্তৰ-পূবৰ পাহাৰ ‎আৰু বানপানীৰ দ্বাৰা জুৰুলা সমভূমিৰ খনিজাত সম্পদ কিয় অপৰিহাৰ্য? সেউজ পুঁজিবাদে ‎প্ৰকৃতিৰ বুকুৰ পৰা সম্পদ আহৰণৰ ধাৰণাক নস্যাৎ নকৰে বৰঞ্চ ই ইয়াক পুনৰ ‎নামকৰণহে কৰে, বনাঞ্চলসমূহক কাৰ্বন নিৰ্গমনস্থলী আৰু খিলঞ্জীয়াৰ মাটিক নিলাম লটলৈ ‎ৰূপান্তৰিত কৰাৰ লগতে মানৱ সমাজৰ মাজত প্ৰদূষণ, স্থানচ্যুতি আৰু হিংসাৰ দৰে ‎ঋণাত্মক উপাদানসমূহ এৰি দিয়ে।

হাতপুথিখনৰ খনিজ সম্পদ আহৰণৰ যুক্তিয়ে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যক খনিজ আয়তন ‎আৰু মূল্যৰ বাবে নিখুঁতভাৱে তালিকাভুক্ত কৰা অঞ্চল হিচাপে চিহ্নিত কৰিছে। একে সময়তে ‎হাতপুথিখনে অঞ্চলটোৰ আৰ্থ-সাংস্কৃতিক আৰু পৰিবেশগত জটিলতাসমূহো সম্পূৰ্ণৰূপে ‎উলাই কৰি চলিছে।

অৰুণাচল প্ৰদেশত ভাৰতীয় ভূতাত্ত্বিক জৰীপে ১১টা প্ৰধান খনিজ সম্পদ পোৱা স্থান চিনাক্ত ‎কৰিছে, যিসমূহ অঞ্চল মূলতঃ নামনি সোৱণশিৰি, পাপুম পাৰে, আৰু পাক্কে-কেছাং জিলাত ‎অৱস্থিত। ভেনাডিয়াম, গ্ৰেফাইট আৰু আপুৰুগীয়া সম্পদ সমৃদ্ধ ভৰাঁলৰ বাবে চিনাক্ত কৰা ‎এই অঞ্চলসমূহৰ পৰিৱেশিকভাৱে সংবেদনশীল পূব হিমালয়ৰ জৈৱ বৈচিত্ৰ্যৰ সৈতে প্ৰত্যক্ষ ‎সম্পৰ্ক আছে।

এই ভূ-প্ৰাকৃতিক অঞ্চল কেৱল বিৰল আৰু বিপন্ন প্ৰজাতিসমূহৰ বাসস্থানেই নহয়, এই ‎পৰিৱেশ তন্ত্ৰৰ সৈতে খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ মৌলিক জীৱন-যাপনৰ দিশটোও সংপৃক্ত হৈ ‎আছে। তথাপিও এই পৰিৱেশ আৰু আৰ্থ-সাংস্কৃতিক সংবেদনশীলতাক সম্বোধন কৰাৰ ‎পৰিৱৰ্তে জিএছআইয়ে সমগ্ৰ অঞ্চলটোক কেৱল সম্ভাৱ্য খনিজ সম্পদ আহৰণৰ বাবে গুৰুত্ব ‎দিয়াটো যথেষ্ট উদ্বেগজনক।

ইয়াৰোপৰি হাতপুথিখনত উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনিগত হৃদপিণ্ড অসমত আৰু অধিক খনিজ ‎সম্পদ থকাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

ভাৰতীয় ভূতাত্ত্বিক জৰীপে ডিমা হাছাও জিলাক খনিজ সম্পদ আহৰণৰ এটা প্ৰধান স্থান ‎হিচাপে চিনাক্ত কৰিছে, উমৰাংছ’, পানীমূৰ আৰু গৰমপানী অঞ্চল আৰু ইয়াৰ আশে-পাশে ‎একাধিক নিলামৰ বাবে সাজু বিস্তৃত অঞ্চলত প্ৰায় ১.৪৯ কোটি টন চূণশিলৰ অৱস্থিতি ‎তালিকাভুক্ত কৰিছে। কাৰ্বি আংলঙত হাতপুথিখনে আপুৰুগীয়া পৃথিৱীৰ মৌলসমূহৰ (আৰ ই ‎ই) অপৰিসীম “কৌশলগত” মূল্যৰ ওপৰত আলোকপাত কৰিছে। লগতে যশোৰা আৰু ‎ছামচাম্পি-ছামতেৰন ক্ষাৰকীয় পৰিসৰত বিশেষভাৱে অৱস্থিত প্ৰায় ২৮.৬৪ মিলিয়ন টন ‎দুষ্প্ৰাপ্য মৌল চাইনাইটৰ বিশদ বিৱৰণ দিছে।

ইয়াৰ উপৰিও নগাঁও জিলাৰ বিশেষকৈ কলিয়াবৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ আশে-‎পাশে প্ৰায় চাৰি মিলিয়ন টন চিলিকা ছেণ্ড-ৰ ক্ষেত্ৰত ইতিমধ্যে খনিজাত সম্পদৰ প্ৰতি আগ্ৰহী ‎প্ৰধান কোম্পানীসমূহে ক্ৰয় কৰাৰ মন মেলিছে। হাতপুথিখনত পোৱা অনুসৰি ধুবুৰী জিলাৰ ‎চান্দৰডিঙা অঞ্চলৰ পৰা আনুমানিক ১৮.২৯ মিলিয়ন টন সম্পদৰ সৈতে আইৰণ অক্সাইডৰ ‎ভৰাঁলৰ তথ্য পোৱা গৈছে।”‎

তথাপি সম্পদৰ এই নিখুঁট তালিকা প্ৰস্তুত কৰাৰ সময়ত হাতপুথিখনে স্পষ্টভাৱে কাৰ্বি, ‎ডিমাছা, তিৱা আদি অসমীয়া জনগোষ্ঠীক, যাৰ মাটি আৰু জীৱিকাৰ পোনপটীয়া সম্পৰ্ক ‎আছে তেওঁলোকৰ জীৱনক উলাই কৰিছে। জৈৱ বৈচিত্ৰ্য আৰু সাতামপুৰুষীয়া কৃষি ‎পৰম্পৰাৰে সমৃদ্ধ কাৰ্বি পাহাৰে কপিলী আৰু ধনশিৰিৰ দৰে জটিল নদী ব্যৱস্থাক খাদ্য ‎যোগান ধৰি হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকাক জীয়াই ৰাখিছে।

ডিমা হাছাওত চূণশিল সমৃদ্ধ পাহাৰবোৰে ডিমাছাৰ প্ৰথাগত প্ৰথা যেনে ঝুম খেতি আৰু ‎‎‘সম্প্ৰদায় পৰিচালিত’ বনাঞ্চলৰ বিৰুদ্ধে থিয় দিছে, আনহাতে নগাঁৱৰ চিলিকা বালি সমৃদ্ধ ‎নদীৰ পাৰে কৃষিভিত্তিক স্থানীয় অৰ্থনীতি বজাই ৰাখি আহিছে।কিন্তু পৰিতাপৰ কথা এই ‎প্ৰয়োজনীয় স্থানীয় প্ৰসংগসমূহৰ কোনোটোৱেই জিএছআইৰ বিশ্লেষণত দেখা পোৱা নগ’ল।

বৰঞ্চ পুথিখনে এই অঞ্চলসমূহক কেৱল খনিজ সম্পদ নিষ্কাশনৰ বাবে অপেক্ষাৰত খনিজাত ‎অঞ্চল হিচাপে গণ্য কৰে। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ নথিখনে ষষ্ঠ অনুসূচীৰ অধীনত ‎বৰ্তমানৰ সাংবিধানিক সুৰক্ষাৰ সমূহ দিশ পদ্ধতিগতভাৱে বাদ দিয়াৰ লগতে স্থানীয় ‎সম্প্ৰদায়সমূহৰ সন্মতি বা পৰামৰ্শৰ প্ৰয়োজনীয়তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে । ভূগৰ্ভত ‎থকা খনিজ সম্পদসমূহ নিষ্কাষণৰ চিন্তাই অসমৰ বিভিন্ন সম্প্ৰদায় বাস কৰা পৰিৱেশ, ‎সাংস্কৃতিক স্বায়ত্তশাসন আৰু অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে।

ঠিক একেদৰে অফুৰন্ত প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে ভৰপুৰ মেঘালয়ৰ জয়ন্তীয়া ‎পাহাৰত যোৱা কেইবাদশক ধৰি অবাধ হাৰত খনিজ সম্পদৰ নিষ্কাষণ চলি আছে। এতিয়া ‎এই অঞ্চলটোক আৰু অধিক চূণশিল নিষ্কাষণৰ বাবে লক্ষ্য কৰি লোৱা হৈছে। ইতিমধ্যে এই ‎অঞ্চলত ৬.৬ বিলিয়ন টনতকৈও অধিক চূণশিলৰ সন্ধান পোৱা গৈছে বুলি নথিভুক্ত হৈছে, ‎যিবোৰ নিষ্কাষণৰ বাবে নতুনকৈ ১৯ টা খনি স্থাপনৰ প্ৰস্তাৱ আাগবঢ়োৱা হৈছে। মেঘালয়ত ‎এইদৰে অবাধ হাৰত চলি থকা খনিসমূহৰ পৰা নিৰ্গত এচিডে মেঘালয়ৰ নদীসমূহ ‎ভয়ানকভাবে প্ৰদূষিত কৰিছে বুলি ২০১২ চনৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰতিবেদনে ‎স্পষ্ট প্ৰমাণ দাঙি ধৰাৰ পিছতো পূৰ্বতকৈ অধিক হাৰত খনন কাৰ্য চলাই থকা হৈছে আৰু ‎হাতপুথিখনতো এই অঞ্চলটোক বিনিয়োগৰ এক উত্তম ক্ষেত্ৰ বুলিহে বিবেচনা কৰা হৈছে। ‎

অথচ এই খননৰ ফলত ভূ-প্ৰাকৃতিক পৰিৱেশ, বায়ুমণ্ডল আৰু নদীসমূহৰ যি ক্ষতি হৈছে ‎আৰু এই ক্ষতিৰ ফলত স্থানীয় লোকজীৱনত যি কুপ্ৰভাৱ পৰিছে সেই কুপ্ৰভাৱ কাহানিও ‎স্বীকাৰ কৰা হোৱা নাই। এই ক্ষতি সম্পৰ্কে স্থানীয় লোকসকলক অৱগত কৰাৰ পৰিৱৰ্তে ‎সাম্ভাৱ্য বিনিয়োগকাৰীসকলক নিৰ্ভয়বাণী প্ৰদানৰ এক প্ৰক্ৰিয়াহে চলি থকা দেখিবলৈ পোৱা ‎গৈছে।

সম্পদ আহৰণৰ বাবে ঘাইপথ, দলং, ৰেলপথ, আৰু নদীৰ বন্দৰকে ধৰি এক বিশাল ‎আন্তঃগাঁথনিৰ প্ৰয়োজন হয়, যিয়ে দূৰৱৰ্তী আৰু স্পৰ্শকাতৰ অঞ্চলত মাজেৰে সম্পদসমূহ ‎কঢ়িয়ালৈ লৈ যোৱাত সহায় কৰে। তেনে কিছু আন্তঃগাঁথনি, যেনে ট্ৰান্স-অৰুণাচল ঘাইপথ, ‎মিজোৰামৰ বৈৰাবি-ছৈৰাং ৰে’ল সংযোগ, আৰু অৰুণাচল প্ৰদেশত নতুন ৰে’লহেড সমূহ ‎‎(নাহৰলগুণ, পাচিঘাট, ভালুকপং-টাৱাং আৰু চিলাপথাৰ-আলো লাইন আদি)ৰ দৰে প্ৰকল্পই ‎এই সীমান্ত অঞ্চলসমূহৰ পৰা সম্পদৰ আমদানি সহজ সম্ভৱ কৰি তোলে। কিন্তু এই ‎আন্তঃগাঁথনিসমূহক দেশৰ সীমান্তৱৰ্তী অঞ্চলৰ নিৰাপত্তাজনিত কাৰকৰ সৈতে জড়িত বুলি ‎প্ৰচাৰ কৰাৰ লগতে তাত দেশৰ চোৰাংচোৱাৰ প্ৰভাৱ বিস্তাৰ কৰা হয়।

মন কৰিবলগীয়া যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা ধুবুৰী-ফুলবাৰী দলংখনো হৈছে ‎সহজে সম্পদ আহৰণৰ আন এটা ‎কৌশলৰ অংশ। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত ১৯ কিঃমিঃ ‎দৈৰ্ঘ্যৰ এই দলংখনেই হ’ব ভাৰতৰ আটাইতকৈ দীঘল দলং। এই ‎দলংখন নিৰ্মাণ কৰি ‎ইয়াক আন্তঃগাঁথনিৰ উন্নয়ন বুলি প্ৰতিপন্ন কৰিব খোজা হৈছে যদিও ই প্ৰকৃততে কম ‎খৰচতে খনিজ ‎সম্পদ আহৰণ কৰি লৈ যোৱাৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা। কিয়নো, এই ‎দলংখনে মেঘালয়ৰ জয়ন্তীয়া আৰু খাচী পাহাৰৰ ‎বুকুত লুকাই থকা চূণশিলকে ধৰি ‎৬,৬০০ নিযুত টনতকৈ অধিক খনিজ সম্পদ কম খৰচতে ধুবুৰীৰ নদী বন্দৰলৈ কঢ়িয়াই ‎‎নিয়াত সুচল যাতায়তৰ ব্যৱস্থা গঢ়ি তুলিব।

এয়া কেৱল যাতায়ৰ আন্তঃগাঁথনি নহয়, ই হৈছে এক পৰিকল্পিত আৰু কৌশলগত ‎বিন্যাস। বহু ক্ষেত্ৰত সম্পদ আহৰণৰ সহায়ৰ বাবে পথ আৰু ৰে’লপথৰ দৰে আন্তঃগাঁথনি ‎নিৰ্মাণ কৰা হয়। লক্ষ্য কৰিব, খনন আৰম্ভ হোৱাৰ আগতেই এই পথ নিৰ্মাণ কৰা হয়, ‎আৰু খননৰ বাবে কৰ্তৃপক্ষত সৈতে চুক্তি স্বাক্ষৰ কৰাৰ আগতেই ৰে’লহেড স্থাপন কৰা হয়। ‎ঠিক যেন ৰাস্তাবোৰে বাট চাই থাকে খননলৈ আৰু ৰেলহেডবোৰে বাট চাই থাকে নিষ্কাষণৰ ‎চুক্তিলৈ।

নিৰাপত্তা ব্যৱস্থাই যে সম্পদ আহৰণ কৰি লৈ যোৱাত সহায় কৰে সেই কথা এই হাতপুথি ‎খনত স্পষ্ট। হাতপুথিখনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক এক জটিল ভূ-ৰাজনৈতিক ‎সংযোগস্থল হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। ইয়াত কোৱা হৈছে যে উত্তৰ-পূব ‎ভাৰতৰ ৰাজ্যসমূহ চীন, ভূটান, ম্যানমাৰ, আৰু বাংলাদেশৰ সীমাত অৱস্থিত। সেয়েহে ‎ভাৰতীয় ভূতাত্ত্বিক জৰীপ -এ কৌশলেৰে এই সীমান্তৱৰ্তী অঞ্চলসমূহক “ভাৰতৰ খনিজ ‎সম্পদৰ সুৰক্ষাৰ বাবে নতুন সীমা” বুলি অভিহিত কৰাৰ লগতে প্ৰগতিৰ সপোন দেখুৱাই ‎বৃহৎ বান্ধ, চাৰিশৰীয়া পথ, ৰে’লহেডৰ দৰে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে।

এই পন্থাটো নতুন নহয়; ই হৈছে বিদ্ৰোহ দমনৰ বাবে কেইবাদশক ধৰি চলি অহা কৌশলৰ ‎এক শক্তিশালী সংস্কৰণ। উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ১৯৫০ চনৰ পৰা উত্তৰ-পূব ‎ভাৰতত নগা বিদ্ৰোহী সংগঠনসমূহ, মিজো বিদ্ৰোহী সংগঠনসমূহ, সংযুক্ত মুক্তি বাহিনী ‎অসম(স্বাঃ) আদিৰ লগতে বডো, কাৰ্বি, ডিমাছা আদি জাতি-জনগোষ্ঠীয়ে নিজৰ নিজৰ প্ৰাপ্য ‎অধিকাৰ, ভূমি আৰু সম্পদৰ ওপৰত নিজৰ অধিকাৰ, স্বাভিমান আৰু স্বাধিকাৰৰ বাবে ‎সশস্ত্ৰ সংগ্ৰাম চলাই আহিছে। এই প্ৰতিটো বিদ্ৰোহ দমনৰ বাবে চৰকাৰে সশস্ত্ৰ বাহিনী ‎‎(বিশেষ ক্ষমতা) আইন বলৱৎ কৰাৰ লগতে ঠায়ে ঠায়ে সামৰিক শিবিৰ স্থাপন কৰিছে আৰু ‎চেকপইণ্ট নিৰ্মাণ কৰিছে, যিবোৰ এতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক অংশ হৈ পৰিছে।

ৰাষ্ট্ৰই দুৰ্লভ আৰু মূল্যবান খনিজ সম্পদ সমূহ নিষ্কাশনৰ সুবিধাৰ বাবে ইতিমধ্যে বহুতো ‎সামৰিক চাউনী পুনৰুজ্জিৱীত কৰি তুলিছে। গতিকে, খনিজ সম্পদসমৃদ্ধ অঞ্চলসমূহক ‎সামৰিক অঞ্চল হিচাপে গঢ়ি তোলাতো কোনো কাকতালীয় কথা নহয়। ‎

সাধাৰণতে দেখা যায় যে যিসমূহ জিলা খনিজ সম্পদেৰে ভৰ-পূৰ হৈ আছে সেই ‎জিলাসমূহত প্ৰত্যাশিতভাবে সামৰিক বাহিনীৰ উপস্থিতি অতিকে শক্তিশালী। ইয়াত সামৰিক ‎বাহিনীয়ে সম্পদৰ সুৰক্ষাৰ সলনি সম্পদ নিষ্কাষণ কৰাৰ ক্ষেত্ৰতহে সহায় কৰে। যেতিয়া ‎মানুহে প্ৰতিবাদ বা সশস্ত্ৰ বিদ্ৰোহেৰে এনে নিষ্কাষণত বাধা প্ৰদান কৰে তেতিয়া চৰকাৰে ‎সেই ঠাইত অধিক সামৰিক বাহিনী নিয়োগ কৰি তাৰ প্ৰত্যুত্তৰ দিয়ে। গতিকে, আৰ্হিটো ‎অতিকে স্পষ্ট – সম্পদ লুন্ঠনৰ বাবে চৰকাৰে উন্নত ৰাস্তা-ঘাট নিৰ্মাণ কৰে আৰু ‎অঞ্চলসমূহৰ সুৰক্ষাৰ দোহাই দি সামৰিক বাহিনী নিয়োগ কৰে।

লক্ষণীয়ভাবে পশ্চিম অসমৰ ধুবুৰী জিলাতো চৰকাৰে একেই আৰ্হি প্ৰয়োগ কৰা দেখিবলৈ ‎পোৱা গৈছে। হাতপুথিখনত উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ ধুবুৰীৰ চন্দৰডিংগা অঞ্চলত ‎১ কোটি ৮২৯ লাখ টন লোহাৰ অক্সাইডৰ সন্ধান লাভ কৰা হৈছে। ইয়াৰ সমান্তৰালভাবে ‎সাম্ভাৱ্য সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাত ‎নতুনকৈ এটা স্থানীয় সেনা শিবিৰ স্থাপনৰ কৰাৰ কথা ঘোষণা কৰিছে। সাধাৰণভাবে ‎চাবলৈ গ’লে এই সেনা শিবিৰ স্থাপন দেশৰ নিৰাপত্তাৰ অংশ যেন লাগিলেও এই কথা ‎উপেক্ষা কৰাটো কঠিন যে চৰকাৰে একেই আৰ্হিৰেই নতুনকৈ সন্ধান পোৱা এই লোহাৰ ‎অক্সাইডৰ নিলামৰ পৰিকল্পনা কৰিছে আৰু পূৰ্বতে উল্লেখ কৰি অহাৰ দৰে সামৰিক শিবিৰ ‎স্থাপনৰ ইয়াৰেই অংশ।

ঐতিহাসিকভাবে ধুবুৰী জিলাখন কেতিয়াও বিদ্ৰোহৰ ঘাটি নাছিল। কিন্তু ইয়াত স্থায়ী সেনা ‎শিবিৰ স্থাপন কৰিবলৈ লোৱা কথাটোৰ পৰা অনুমান কৰিব পাৰি যে বিদ্ৰোহৰ লগত ‎সম্পৰ্ক নথকা তথা খনিজ সম্পদেৰে ভৰা ভৈয়ামৰ অঞ্চল সমূহতো এতিয়া পাহাৰীয়া ‎অঞ্চলসমূহৰ দৰে নতুন নতুন কাৰণ দেখুৱাই সেনা শিবিৰ স্থাপনৰ কৰিবলৈ লোৱা হৈছে। ‎পৰম্পৰাগতভাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ সৈতে জড়িত পাহাৰীয়া অঞ্চলসমূহৰ বাহিৰৰ অঞ্চল ‎সমূহতো এতিয়া সম্পদ নিয়ন্ত্ৰণৰ যুক্তিবোৰ স্পষ্টভাৱে সম্প্ৰসাৰিত হ’বলৈ ধৰিছে, ‎ভৌগোলিক আৰু ৰাজনৈতিক দুয়োটা দিশতে।

পূৰ্বৰে পৰা সংবেদনশীল আৰু উত্তেজনাপূৰ্ণ অঞ্চলসমূহত যদি এতিয়া বৃহৎ পৰিসৰৰ ‎উচ্ছেদ হয় তেন্তে এই অঞ্চলসমূহত সামাজিক অস্থিৰতাৰ সৃষ্টি হোৱাই নহয়, সশস্ত্ৰ ‎বিদ্ৰোহৰ পুনৰুত্থান তথা হিংসা-দ্বেষৰ উত্থান হ’ব পাৰে। যি পৰিস্থিতি অধিক অশান্ত কৰি ‎তুলিব। এনে অঞ্চল শান্ত কৰাৰ পৰিৱৰ্তে যদি তাত বলপূৰ্বক ভূ-সম্পদ নিষ্কাশনৰ হয় ‎তেতিয়া হিংসা, দমন আৰু বিদ্ৰোহৰ আন এক পাকচক্ৰ আৰম্ভ হ’ব, যিবোৰৰ পৰা হোৱা ‎ক্ষতিৰ সংসদীয় সমাধান কথা ভাবিবলৈ তেতিয়া আৰু হাতত সময় নাথাকিব।

পৃথিৱীৰ বহু ঠাইত ইতিমধ্যে এনে ঘটনা দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে, দক্ষিণ ‎আমেৰিকাৰ দেশ চিলিৰ আটাকামা মৰুভূমিত লিথিয়াম নিষ্কাষণৰ ফলত হোৱা ঘটনাবোৰৰ ‎কথা ক’ব পাৰি। আটাকামাত লিথিয়াম নিষ্কাশনৰ ফলত পানীৰ পৰিমাণ ৪০% পৰ্যন্ত হ্ৰাস ‎পাইছে, যাৰ ফলত আাটাকামাৰ পশুপালকসকল তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে। ‎একেদৰে, সৈন্যবাহিনীয়ে পহৰা দি ৰখা ফিলিপাইনৰ নিকেল খনিবোৰৰ ওচৰৰ স্থানীয় ‎লোকসকলক উচ্ছেদ কৰা হৈছে আৰু ভূমি সংগ্ৰামৰ সৈতে জড়িত শ শ লোকক হত্যা কৰা ‎হৈছে (গ্ল’বেল ৱিটনেছৰ প্ৰতিবেদন)। কংগোৰ কোবাল্ট বেল্টতো সামৰিক বাহিনীৰ ‎তত্বাৱধানত স্থানীয় ৰাইজক নিজৰ মাটিৰ পৰা বলপূৰ্বক ভাৱে উচ্ছেদ কৰা দেখা পোৱা ‎গৈছে, আনহাতে ইণ্ডোনেছিয়াৰ নিকেল দ্বীপপুঞ্জ সমূহত (ৱাৱ’নি অন্যতম) দেখা পোৱা গৈছে ‎কিদৰে মহিলা সকলৰ নেতৃত্বত বুলড’জাৰ আৰু সহস্ত্ৰ নিৰাপত্তাৰক্ষী সকলৰ বিৰুদ্ধে তীব্ৰ ‎আন্দোলন গঢ় লৈ উঠিছ।

বিশ্বৰ বিভিন্ন ঠাইৰ এই উদাহৰণবোৰে এটা কঠোৰ সত্য পোহৰলৈ আনিছে – যেতিয়া সম্পদ ‎আহৰণ সামৰিক শক্তিৰ সৈতে জড়িত হৈ থাকে, তেতিয়া আনকি সেউজ পৰিৱৰ্তনৰ নামতো ‎ই সদায় পৰিৱেশৰ ক্ষতি, মানুহক স্থানচ্যুত কৰাৰ লগতে অনাহূত সংঘাতৰ সৃষ্টি কৰে। ‎উত্তৰ-পূব ভাৰততো সম্পদ নিষ্কাষণৰ নামত যি আৰ্হি চলি আছে, সি বিশ্বব্যাপী চলি থকা ‎সেই একেটা আৰ্হিৰেই অনুসৰণ।

ভাৰতীয় ভূ-তাত্ত্বিক জৰীপ হাতপুথিৰ উল্লেখ থকা ব্লুপ্ৰিণ্টে কেৱল অৰ্থনৈতিক নীতিকেই ‎প্ৰতিনিধিত্ব নকৰে, ই অস্থিৰতা আৰু হিংসাৰ দিশত এক স্পষ্ট গতিপথকো প্ৰতিনিধিত্ব ‎কৰে, যিয়ে মাটিক পণ্য হিচাপে আৰু মানুহক ডিচপ’জেবল সামগ্ৰীৰ দৰে গণ্য কৰাৰ স্থায়ী ‎ঔপনিৱেশিক মনোভংগীকেই প্ৰতিফলিত কৰে। উত্তৰ-পূব ভাৰতত যদি এই পৰিকল্পনা বন্ধ ‎নহয়, তেন্তে উত্তৰ-পূবে ভাৰতেও অন্যান্য সীমান্ত অঞ্চলৰ দৰেই একেই পৰিস্থিতিৰ সন্মুখীন ‎হ’ব। য’ত পুৰণিকলীয়া সাম্ৰাজ্যবাদী শক্তিৰ দৰেই সম্পদ লুণ্ঠনৰ এক পথ তৈয়াৰ কৰিব।

অঞ্চলটোত “বহনক্ষম খনন”ৰ বিষয়ে হোৱা যিকোনো প্ৰকৃত আলোচনাই দুটা সত্যৰ সন্মুখীন ‎হ’ব লাগিব – পৰিৱেশৰ ক্ষতিৰ আশংকা আৰু প্ৰতিবাদ-বিদ্ৰোহ দমনৰ দীঘলীয়া ইতিহাস। ‎যিয়ে সম্পদ কেনেকৈ নিয়ন্ত্ৰণ আৰু আহৰণ কৰিব তাৰ আৰ্থ-ৰাজনৈতিক পন্থাও নিৰ্ণয় ‎কৰে। সেয়েহে অঞ্চলটোত “বহনক্ষম খনন” সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ আলোচনা কেৱল ‎পৰিৱেশিক ক্ষতি সমূহৰ মাজতে সীমিত নাৰাখি, নিষ্কাশনৰ বাবে উপযুক্ত ৰাজনৈতিক অথবা ‎অৰ্থনৈতিক পটভূমি কেনেকৈ গঢ় লৈ উঠে সেই কথাও বিবেচনা কৰিব লাগিব। কিয়নো এই ‎অঞ্চলটোত দমন, বিদ্ৰোহ, নিপীড়নৰ যি দীঘলীয়া ইতিহাস সেইবোৰ আমি পাহৰি পেলাব ‎নোৱাৰো।

ভাৰতীয় ভূ-তাত্ত্বিক জৰীপৰ হাতপুথিখনত ধাৰণা দিয়া শাসনৰ আৰ্হিটো ভাঙি পেলাবই ‎লাগিব আৰু উত্তৰ-পূবৰ বাবে এক ন্যায্য পৰিৱৰ্তন আৰম্ভ হ’ব লাগিব। প্ৰথমে সন্মতি লৈহে ‎খনন কাম আগবাঢ়িব লাগে। সম্পদ আহৰণৰ পূৰ্বে সন্মতি অনিবাৰ্য হ’ব লাগিব। স্থানীয় ‎ভাষাত ৰাজহুৱা সভা আয়োজন কৰি গ্ৰাম্য পৰিষদ, দৰবাৰ আৰু গাওঁ সভাবোৰে যিকোনো ‎খনন প্ৰস্তাৱৰ বিষয়ে ভেটো বা অনুমোদন প্ৰদান কৰিব পৰা ক্ষমতা বাধ্যতামূলক কৰিব ‎লাগিব। স্থানীয় ৰাইজক সিদ্ধান্ত প্ৰক্ৰিয়া সমূহৰ পৰা যদি আঁতৰাই ৰখা হয় তেনে এই ‎ঔপনিৱেশিক লুণ্ঠন ব্যৱস্থা সদায় চলি থাকিব।

দ্বিতীয়তে, সাংবিধানিক নীতি আৰু জনজাতীয় সমূহৰ জীৱনশৈলী আৰু সংস্কৃতিৰ সুৰক্ষাক ‎কেৱল সৰু সৰু বাধা হিচাপে নহয়, শিলৰ ৰেখা হিচাপে গণ্য কৰিব লাগিব, যাতে আমোলা ‎সকলৰ সুবিধাৰ্থে সেইবোৰ সাল সলনি কৰিব পৰা নাযায়। সংবিধানৰ ষষ্ঠ অনুসূচী, বন ‎অধিকাৰ আইন আৰু অনুচ্ছেদ ৩৭১ –এ থলুৱা ৰাইজক ৰাজহুৱা সম্পদৰ উত্তৰাধিকাৰ আৰু ‎পৰিৱেশ-পাৰিপাৰ্শ্ব্যৰ সংৰক্ষক হিচাপে স্বীকৃতি দিয়ে। এনে সুৰক্ষা ব্যৱস্থাসমূহ যদি বৰ্তমানে ‎কাৰ্যকৰী হোৱা নাই অথবা কোনো ঠাইত উপেক্ষিত হৈ আছে, তেন্তে এক ন্যায্য পৰিৱৰ্তনৰ ‎বাবে, এই ব্যৱস্থাসমূহ বলবৎ নোহোৱালৈকে তাত নিষ্কাশন প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগিব।

তৃতীয়তে, মূল্যবান দুৰ্লভ খনিজ পদাৰ্থসমূহক কেৱল নিলামৰ সামগ্ৰী হিচাপে গণ্য নকৰি, ‎সেইবোৰ ৰাজহুৱা সম্পদ হিচাপে গণ্য কৰিব লাগিব। যদি কাৰ্বি আংলঙৰ ভূ-গৰ্ভত থকা ‎বিৰল পাৰ্থিৱ তত্ত্ব (REE) সমূহ ভৱিষ্যতৰ জলবায়ুৰ সুৰক্ষাৰ বাবে অপৰিহাৰ্য হয়, তেন্তে ‎সেইবোৰৰ স্বত্বাধিকাৰী কোনো বহিৰাগত বণিক নহয়, সেইবোৰৰ স্বত্বাধিকাৰী হ’ব লাগিব ‎পাহাৰত বাস কৰা লোকসকল। বহিৰাগত বণিকে নহয়, কোনো ঠাইত আহৰণ কৰিবলৈ ‎লোৱা সম্পদৰ পৰিমাণ, প্ৰযুক্তি, ৰাজহৰ অংশ আৰু পৰিৱেশ-প্ৰকৃতিৰ অনিষ্ট নোহোৱাকৈ ‎নিষ্কাশনৰ সীমা, সমজুৱা ভিত্তিত গঠন কৰা ট্ৰাষ্ট অথবা সমবায়সমূহে নিৰ্ধাৰণ কৰিব লাগিব।

চতুৰ্থতে, পাৰিপাৰ্শ্বিক সীমাসমূহৰ লগত কোনো কাৰণত আপোচ কৰিব নোৱাৰি। জলাশয়-‎অৰণ্য সমূহত, হাতীৰ কৰিডৰ সমূহত, ভূমিকম্পপ্ৰৱণ অঞ্চল আদিত নিষ্কাষণ স্থায়ীভাবে ‎নিষিদ্ধ কৰিব লাগিব। লগতে, অনুষ্ঠান প্ৰতিষ্ঠান বোৰে দায়িত্ব স্বীকাৰ কৰিব পাৰিব লাগিব। ‎স্বতন্ত্ৰ নিৰীক্ষণ, পৰিৱেশ-প্ৰকৃতিৰ অনিষ্ট সাধন কৰিলে অপৰাধমূলক শাস্তি, পূৰ্বপুৰুষৰ ‎সম্পদৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ আৰু পৰিত্যক্ত খাদ সমূহৰ বাবে উচিত জৰিমনাৰ দফা ‎খননৰ প্ৰতিখন অনুজ্ঞাপত্ৰত সন্নিৱিষ্ট হ’ব লাগে। ৰাজহুৱা অধিকাৰ নথকা জনজাতীয় ভূমিত ‎ব্যক্তিগত খনন নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক (১৯৯৭) অমান্য কৰিব ‎নোৱাৰা সাংবিধানিক নিৰ্দেশ হিচাপে গ্ৰহণ কৰিব লাগিব।

এনেধৰণৰ কিছু পদক্ষেপ আৰু জনমুখী সিদ্ধান্ত ল’ব নোৱাৰিলে ন্যায্য পৰিৱৰ্তন সম্ভৱ ‎নহ’ব। অন্যথা সেই পুৰণিকলীয়া ঔপনিৱেশিক লুন্ঠনৰ পৰম্পৰাই চলি থাকিব। জলবায়ু ‎পৰিৱৰ্তনৰ বোজা উত্তৰ-পূবৰ মাটি, পানী, অৰণ্যৰ ওপৰত জাপি দি তাৰ মুনাফা লাভ কৰে ‎দূৰৱৰ্তী মহানগৰসমূহে। ‎

‎“ভূমিৰ মূল্য তাৰ গৰ্ভত থকা খনিজ পদাৰ্থতকৈ বেছি আৰু মানুহৰ জীৱনৰ মূল্য মানুহে ‎কৰিব পৰা শ্ৰমতকৈ বেছি।” – এই ঘোষণাৰেই হাতপুথিখন শেষ হয় আৰু আৰম্ভ হয় ‎এক পৰিৱৰ্তনমুখী যাত্ৰাৰ ।

GSI’s Handbook on Northeast India Masks Extraction Behind Technicalities

মূল লেখাটোৰ ডিজিটেল ঠিকনা : https://thewire.in/rights/gsis-handbook-on-northeast-india-masks-extraction-behind-technicalities