NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ লখৌজান চাহ বাগিচাত বনৰীয়া হাতীৰ উপদ্ৰব : শ্ৰমিকৰ বাসগৃহ ধ্বংস

Posted by: উত্তম শইকীয়া June 7, 2018 8:52 am
IMG-20180607-WA0002

বোকাখাতৰ লখৌজান চাহ বাগিচাত বিগত দুটা দিন ধৰি বিচৰণ কৰি ফুৰিছে এজাক বনৰীয়া হাতীয়ে। বুধবাৰে বনৰীয়া হাতীৰ জাকটোয়ে বাগিচাত উপদ্ৰব কৰাত বনবিভাগৰ লোক আহি হাতীৰ জাকটোক বাগিচাৰ পৰা খেদি পঠাবলৈ সক্ষম হয় যদিও হাতীৰ জাকটো নিশা পুনৰ বাগিচালৈ আহে।

IMG-20180607-WA0005

বনৰীয়া হাতীৰ জাকটোয়ে আজি পুৱতি নিশা  লখৌজান বাগিচাৰ উৰিয়া লাইনৰ বিজু নাহকৰ বাসগৃহ ধ্বংস কৰাৰ লগতে ঘৰৰ অন্যান্য বহু বয় বস্তু নষ্ট কৰে ৷

আনহাতে বিজু নাহকৰ পৰিয়ালটোৱে কথমপিহে প্ৰাণ ৰক্ষা কৰে ৷ হাতীৰ জাকটোয়ে এতিয়াও লখৌজান চাহ বাগিচাতে বিচৰণ কৰি আছে ৷ অঞ্চলটোৰ ৰাইজ এতিয়া বন্য হস্তীৰ সম্ভাৱ্য উপদ্ৰৱৰ বাবে সন্ত্ৰস্ত হৈ পৰিছে।

বিজু নাহকৰ বাসগৃহ ধ্বংস কৰাৰ পাছত হাতীৰ জাকটোক খেদি পঠোৱাৰ বাবে স্থানীয় বন বিভাগক খবৰ দিয়া হৈছে। আনহাতে, বিজু নাহকৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবৰ বাবে স্থানীয় লোকে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷