NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2025 10:04 am

জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰ জিলাৰ চাসোটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্ট বানত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুত বৃদ্ধি পাইছে। শুকুৰবাৰে পুৱা লাভ কৰা শেহতীয়া খবৰ অনুসৰি এতিয়ালৈকে কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, এতিয়াও বহু লোক সন্ধানহীন হৈ আছে।

এই পৰিস্থিতিত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে এই পৰ্যন্ত ১০০ জন আহত লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও অব্যাহত আছে উদ্ধাৰৰ কাম।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কয় যে তেওঁ জিলা প্ৰশাসন, আৰক্ষী, ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক ক্ষিপ্ৰ উদ্ধাৰ কামৰ বাবে নিৰ্দেশ দিছে।

উপাযুক্ত পংকজ কুমাৰ শৰ্মাই সংবাদ মাধ্যমক জনোৱা মতে, এশৰো অধিক লোক আহত হৈছে। কেইবাজনো লোক সন্ধানহীন হোৱাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি উদ্ধাৰকাৰী দলে আশংকা কৰিছে।

ইপিনে, প্রাথমিকভাৱে এই প্রাকৃতিক দুর্যোগ ‘মাছেল যাত্ৰা’ পথত সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ এইবাৰ ২৫ জুলাইৰ পৰা আৰম্ভ হৈছে ৩০ কিলোমিটাৰ দীঘলীয়া ‘মাছেল যাত্ৰা’।‘মাছেল মাতা’ মন্দিৰ (দুৰ্গা মন্দিৰ) পাবলৈ পাহাৰ বগাই যাব লাগিব। জম্মু-কাশ্মীৰৰ অন্যতম জনপ্ৰিয় এই তীৰ্থযাত্ৰা ৫ ছেপ্টেম্বৰলৈকে চলি থকাৰ কথা আছিল।এই তীৰ্থযাত্ৰাত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰে। সদ্যহতে স্থগিত ৰখা হৈছে ‘মাছেল মাতা যাত্ৰা’।

আনহাতে, কিষ্টৱাৰত হোৱা ধাৰাসাৰ বৰষুণে ভক্তসকলৰ সামূহিক পাকঘৰটো উটুৱাই লৈ যায়। ইপিনে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন তিনিজন লোক সন্ধানহীন হৈ আছে। সমগ্ৰ অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।