NORTHEAST NOW (Assamese)
অসম

উচ্ছেদক লৈ ফাঁচীবজাৰত উত্তপ্ত পৰিস্থিতি; হতাহতিত আহত জি এম চিৰ কৰ্মচাৰী

Posted by: এন ই নাও নিউজ June 7, 2018 10:46 am
ghy fancy-bazar

পদপথৰ অনুজ্ঞাপত্ৰহিন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলোৱা উচ্ছেদক কেন্দ্ৰ কৰি কালি অৰ্থাৎ ৬ জুনত গুৱাহাটীৰ ফাঁচীবজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ফাঁচীবজাৰৰ এছ এছ পথত চলোৱা উক্ত উচ্ছেদ কাৰ্যত জি এম চিৰ কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ মাজত হোৱা হতাহতিত ৪ গৰাকীকৈ পৌৰ নিগমৰ কৰ্মচাৰী আহত হয়।

এই সংক্ৰান্তত আৰক্ষীয়ে ফাঁচীবজাৰৰ বিশ্বজিৎ দেৱনাথ, অশ্বিনী দেৱনাথ, ৰাহুল শ্বাহা আৰু ৰাজেশ জয়ছোৱাল নামৰ ৪ জন পদপথৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে প্ৰায় ডেৰমাহ পূৰ্বে  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গুৱহাটী পৌৰ নিগমে ফাঁচীবজাৰৰ এছ এছ পথৰ পৰা ৫ শতাধিক অনুজ্ঞাপত্ৰহিন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰিছিল।

পিছত উচ্ছেদিত একাংশ ব্যৱসায়িক ফাঁচীবজাৰৰ  জি এম চি বজাৰত সংস্থাপন দিছিল যদিও  গ্ৰাহক নোযোৱাৰ অভিযোগ তুলি পুনৰ ব্যৱসায়ী সকলে এছ এছ পথৰ পদপথ দখল কৰে।

যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে পৌৰ নিগমে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ আহোতে ব্যৱসায়ী সকলে এছ এছ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পৌৰ নিগমৰ কৰ্মটাৰীসকলৰ সৈতে হতাহতিত লিপ্ত হয়।

পিছত আৰক্ষী আয়ুক্ত হীৰেন নাথ আৰু জি এম চিৰ আয়ুক্ত মনালিছা গোস্বামী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।