NORTHEAST NOW (Assamese)
Popular Stories

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 7:30 am

নৱজাতকসকলে নিজৰ ভোক বা টোপনিও সঠিকভাৱে প্ৰকাশ কৰিব নোৱাৰে। কেচুঁৱা কান্দোনৰ আৰ্হি বুজি মাকে প্ৰয়োজন উপলব্ধ কৰে। শিশুটি লাহে লাহে ডাঙৰ হৈ যায়। শৈশৱৰ মাজেৰে পাৰ হৈ কৈশোৰৰ দিশে খোজ দিয়ে। তেতিয়া শিশুটিয়ে নিজৰ জীৱনটো কটাব বিচাৰে। অৱশ্যে পিতৃ-মাতৃয়ে তেওঁক ওচৰত ৰাখিবলৈ চেষ্টা কৰে। আৰু ইয়াৰ ফলত শিশু আৰু পিতৃ-মাতৃৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। ফলত সম্পৰ্কত এক দূৰত্বৰ সৃষ্টি হয়। পিতৃ-মাতৃ আৰু সন্তানৰ মাজত দূৰত্ব সৃষ্টি হোৱাটো একেবাৰেই উপযোগী নহয়। বৰঞ্চ ইজনে সিজনৰ লগত বন্ধুত্ব গঢ়ি তোলাটো প্ৰয়োজনীয়।

বিশেষজ্ঞসকলৰ মতে শিশুটিক সকলো সময়তে বান্ধি ৰাখিবলৈ চেষ্টা কৰাটো ঠিক নহয়। লগতে কম বয়সতে অত্যধিক স্বাধীনতা পালে ভুল কৰিব পাৰে। কৈশোৰ কালত শিশুক কিমান স্বাধীনতা দিব লাগে তাক লৈ অভিভাৱকসকল স্বাভাৱিকতে সন্দিহান হৈ পৰে। কাৰণ, প্ৰতিজন কিশোৰৰ বাস্তৱবোধ আৰু পৰিস্থিতি চম্ভালিব পৰা ক্ষমতা একে নহয়। শিশুৰ প্ৰকাৰ অনুসাৰে কিমান স্বাধীনতা দিব লাগে সেইটো নিৰ্ণয় কৰিব লাগে।

* স্বাধীনতা দিয়াৰ ক্ষেত্ৰত বয়স এটা ডাঙৰ কাৰক। যদি আপোনাৰ সন্তানৰ বয়স ১৫-১৬ বছৰ হয় তেন্তে ৰাতি অকলে ওলাই যাবলৈ বা অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলাবলৈ স্বাধীনতা নিদিব। তেওঁক বুজাওক যে তেওঁ এই স্বাধীনতা পাবলৈ আৰু কেইবছৰমান অপেক্ষা কৰিব লাগিব।

*  স্বাধীনতা দিয়াৰ আগতে স্পষ্টকৈ কথা পাতিব। যেনে: ঘৰৰ পৰা কেতিয়া ওলাই যাব পাৰিব, কেতিয়া ঘূৰি আহিব লাগিব, বন্ধু-বান্ধৱীৰ লগত কিমান সময় কটাব পাৰিব ইত্যাদি….

* স্বাধীনতা পালে কিছু দায়িত্ব লব লাগিব বুলি বুজাই দিয়া। নিজৰ কিশোৰক দায়িত্ব দিয়ক। নিশ্চিত হওক যে তেওঁ কামবোৰ কৰিব পাৰে। সেইটোৱে তেওঁক দায়িত্বশীল কৰি তুলিব।