NORTHEAST NOW (Assamese)
Popular Stories

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 9:09 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা ঘোষণা কৰে যে ভাৰতীয় মহাকাশচাৰীসকল অতি সোনকালে মহাকাশ জয় কৰি ঘৰলৈ উভতি আহিব। আৰু সেই ঘোষণাৰ এদিনৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (Space mission) ভৰি দিয়া প্ৰথম ভাৰতীয় আৰু মহাকাশলৈ যোৱা দ্বিতীয় ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংছু শুক্লা ঘৰলৈ উভতি আহিল।

মহাকাশ অভিযান সম্পূৰ্ণ কৰি ১৫ জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহে। অৱশ্যে সেই সময়ত তেওঁ পুনৰ আমেৰিকালৈ আহিছিল। তাৰ পৰাই দেওবাৰে পুৱা দিল্লীত অৱতৰণ কৰে এই ইতিহাস ৰচনা কৰা বায়ুসেনাৰ বিষয়াগৰাকী। বিমানবন্দৰত তেওঁক আদৰণি জনাই তেওঁৰ পৰিয়াল, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি বহু লোক উপস্থিত থাকে। জাতীয় পতাকা হাতত লৈ থকা সাধাৰণ মানুহৰ ভিৰ যেন উৎসৱলৈ পৰিণত হল। এনে আদৰণিত শুভাংশু আপ্লুত হৈ পৰিল।

সূত্ৰ অনুসৰি শুভাংশুৱে অতি সোনকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দেওবাৰে এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে ভাৰতে বৰ্তমান ‘গগনিয়ান মিছনৰ বাবে প্ৰস্তুতি চলাইছে। ইছৰই ২০২৭ চনত নিজা প্ৰযুক্তি ব্যৱহাৰ কৰি মহাকাশলৈ মানুহ পঠোৱাৰ পৰিকল্পনা কৰিছে।ইয়াৰ অংশ হিচাপে শুভাংছু শুক্লাই ‘এক্সিয়াম-৪ মিছনত অংশগ্ৰহণ কৰিছিল, আৰু সেই অভিযানৰ জৰিয়তে তেওঁ ইতিহাস ৰচনা কৰিছিল।