NORTHEAST NOW (Assamese)
Popular Stories

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 9:30 am

ভাৰত ভ্ৰমণ বাতিল কৰিছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলে। ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ মাজতে ভাৰতৰ বাবে এই বাণিজ্যিক বৈঠক আছিল আশাৰ ৰেঙণি। আশা কৰা হৈছিল যে দুয়োখন দেশৰ মাজত বাণিজ্য খণ্ডত যি অনিশ্চয়তা জমা হৈ আহিছে, সেই অনিশ্চয়তা সমাধান হ’ব। অৱশ্যে বৈঠক বাতিল হোৱাৰ ফলত এতিয়াৰ বাবে সেই সম্ভাৱনা বন্ধ হৈ পৰিছে।

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ সহকাৰী বাণিজ্য প্ৰতিনিধি ব্ৰেণ্ডন লিঞ্চৰ নেতৃত্বত গঠিত বাণিজ্য প্ৰতিনিধি দলটো ২৫ আগষ্টত ভাৰতত উপস্থিত হোৱাৰ কথা আছিল।দুয়োখন দেশৰ বৈঠকৰ তাৰিখ ৩০ আগষ্টলৈ নিৰ্ধাৰণ কৰা হৈছিল।কিন্তু শেষ মুহূৰ্তত শনিবাৰে আমেৰিকাৰ দলটোৱে আনুষ্ঠানিকভাৱে এই ভ্ৰমণ বাতিল কৰে। অৱশ্যে আকস্মিকভাৱে এই ভ্ৰমণ বাতিল কৰাৰ কাৰণ স্পষ্ট হোৱা নাই। অৱশ্যে সূত্ৰৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী তাৰিখ চূড়ান্ত নোহোৱালৈকে বৈঠক পিছুৱাই দিয়া হব।

মন কৰিবলগীয়া যে ৰাউণ্ডৰ বৈঠক হোৱাৰ পিছতো আমেৰিকা-ভাৰত বাণিজ্য চুক্তিৰ মূল বাধা হৈছে দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ দৰে খণ্ড। ভাৰতত এই খণ্ডসমূহৰ বাণিজ্যৰ প্ৰতি আমেৰিকাই আগ্ৰহী। অৱশ্যে ভাৰতে কৃষক আৰু পশুপালকৰ স্বাৰ্থৰ লগত আপোচ নকৰে বুলি স্পষ্ট কৰি দিছে। আমেৰিকাৰ দাবী মানি লোৱা নহ’ব কাৰণ ইয়াৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ জীৱিকাত প্ৰভাৱ পৰিব। যিহেতু ৫ লানিৰ বৈঠকত কোনো সমাধান পোৱা নগ’ল, সেয়েহে চুক্তিৰ চূড়ান্ত সময়সীমা শেষ হোৱাৰ পিছত ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে। তাৰ পিছত ২৫-৩০ আগষ্টৰ বাবে ষষ্ঠ লানি বৈঠকৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ মাজতে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰি আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰে। মুঠ শুল্ক ৫০ শতাংশ।

অৱশ্যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। ভাৰতে অৱশ্যে কৈছে যে আমি আগৰ তুলনাত আমেৰিকাৰ পৰা অধিক তেল কিনিছো, কিন্তু আমি ৰাছিয়াৰ তেলও কিনিছো, ইয়াক বন্ধ কৰাটো সম্ভৱ নহয়। শুকুৰবাৰে ট্ৰাম্পে ফক্স নিউজক জনাইছিল যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ হাতত “এজন তেলৰ গ্ৰাহক হেৰুৱাইছে, যিয়ে পূৰ্বে প্ৰায় ৪০ শতাংশ তেল ক্ৰয় কৰিছিল। লগতে গৌণ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিয়ে। কিন্তু তথ্য অনুসৰি আগষ্ট মাহৰ প্ৰথম ১৫ দিনত ভাৰতে ৰাছিয়াৰ পৰা প্ৰতিদিনে ১৮ লাখ বেৰেল তেল ক্ৰয় কৰিছিল, যিটো সমগ্ৰ জুলাই মাহত প্ৰতিদিনে ১৬ লাখ বেৰেল তেল ক্ৰয় কৰিছিল।